তিনিচুকীয়াত ৩০ লক্ষাধিক টকাৰ হেৰ’ইনসহ ধৃত ৫

0 10

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে চি আৰ পি এফ বাহিনীৰ সহযোগত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত অভিযান চলাই বুজন পৰিমাণৰ সন্দেহজনক হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ উক্ত ৫ সৰবৰাহকাৰীৰ ৩ গৰাকী মহিলা । ধৃত ৫ সৰবৰাহকাৰী হ’ল ক্ৰমে তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত বৰডিৰাক গহৰাগুৰিৰ তুলেন হাজৰিকা ওৰফে বাবা (৪০) আৰু তুৰণজিৎ সোণোৱাল(২৩), ডিমাপুৰ মিঞা বজাৰৰ ছালমা বেগম (২৬), ডিমাপুৰ দিহাফ্ৰে বস্তিৰ কুমাৰী ছেত্ৰী (৩০) আৰু ডিমাপুৰ পুলিচ কলনীৰ দনমায়া ছেত্ৰী (২৪) । তেওঁলোকৰ পৰা আৰক্ষীয়ে ২৪ টা চাবোনৰ বাকচত ভৰাই অনা প্ৰায় ৩১২.৬৭ গ্ৰাম সন্দেহজনক হেৰ’ইন, নগদ ৫১২০ টকা, ৬ টা ম’বাইল ফোন আৰু এ এছ ২৩ এ ই ২১৮৮ নম্বৰৰ এখন বিলাসী কিয়া ছেলটচ গাড়ী জব্দ কৰে ৷ উল্লেখ্য যে তিনি মহিলাই ৰে’লযোগে ড্ৰাগছ কঢ়িয়াই অনাৰ বিপৰীতে যুৱকদ্বয়ে গাড়ী লৈ তেওঁলোকক গন্তব্য স্থানলৈ নিবলৈ আহিছিল ৷ জব্দ কৰা সন্দেহজনক হেৰ’ইনখিনিৰ বজাৰ মূল্য ৩০ লাখৰ অধিক হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More