তিনিচুকীয়াত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটালে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক

0 12

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ অক্টোবৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে আজি তিনিচুকীয়া জিলাৰ মাকুমৰ লাংকাচি গাঁৱত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটাই দিয়ে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে আজি লাংকাচি, বজালনী আৰু নগাজানবাসী ৰাইজে একগোট হৈ ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা কিছু পৰিমাণৰ সন্দেহজনক ড্ৰাগছ, ছিৰিঞ্জ আৰু নগদ ৫০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীকেইজন ক্ৰমে ডুমডুমাৰ ৰূপাই বিজয় নগৰৰ গীত ৰঞ্জন গগৈ (১৯), এজন ১৭ বছৰীয়া নাবালক, ডিব্ৰুগড়ৰ জিলাৰ ২ নং কঠালগুৰিৰ জুজু বুঢ়াগোহাঁই (২২), লাংকাচি গাঁৱৰ জিন্টু চেতিয়া (৩০) আৰু প্ৰিয়াংকু মৰাণ ওৰফে ফাটাং (২২) বুলি প্ৰকাশ ৷ পাছত ঘটনাস্থলীত উপস্থিত হোৱা লাংকাচি আৰু ভাদৈ পাঁচআলি আৰক্ষীক ৰাইজে উদ্ধাৰ হোৱা সামগ্ৰীসহ আটক কৰা ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক চমজাই দিয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More