তিনিচুকীয়ালৈ দক্ষতা বিকাশৰ বাবে আহিল ডি জি পি মহন্ত

নিজৰ দক্ষতাৰ বলত দপদপাই থাকিব পৰাটোহে আচল অসমীয়াগিৰি

0 11

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : আজি তিনিচুকীয়াৰ হোলোং নামৰ হোটেলখনৰ প্ৰেক্ষাগৃহত জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত “দক্ষতা বিকাশ আৰু কাৰিকৰী বৃত্তিগত জীৱিকাৰ ওপৰত পৰামৰ্শসভাত মুখ্য পৰামৰ্শদাতাৰূপে অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই । জিলাখনৰ পেঙেৰী, কাকপথাৰ, তৰাণী, বৰডুমছা, ডিৰাক আদি সন্ত্ৰাস জৰ্জৰিত অঞ্চলৰ তিনি শতাধিক যুৱক-যুৱতী আজিৰ এই সভাত উপস্থিত থাকে । আৰক্ষী সঞ্চালকপ্ৰধানজনে তিনিচুকীয়া জিলাৰ মৰাণ, মটক জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক মাৰাত্মক ড্ৰাগছ, কানি আদি পৰিহাৰ কৰি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ নীতি আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । কমকৈ পঢ়াশুনা কৰাৰ বাবে মন বেয়া কৰিব নালাগে বুলি উল্লেখ কৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে উদাহৰণ দাঙি ধৰি কয় যে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ কম পঢ়াশুনা যদিও অভিনয়ৰ দক্ষতাৰ জৰিয়তে নিজৰ ক্ষেত্ৰখনত উজ্জ্বলি উঠি সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । গতিকে নিজে কি কৰি ভালপাই তাক বুজি পাবলৈ চেষ্টা কৰক আৰু তাকে লৈ আৰম্ভ কৰক বুলি তেওঁ কয় । নিজৰ দক্ষতাৰ বলত দপদপাই থাকিব পৰাটোহে আচল অসমীয়াগিৰি বুলি উল্লেখ কৰি মহন্তই কয় যে হাতত পিষ্টল লৈ সাধাৰণ চোৰ এটাইও দপদপাব পাৰে । গতিকে চৰকাৰৰ যিসমূহ আঁচনি আছে সেইবোৰৰ সৎ ব্যৱহাৰ কৰিব লাগিব বুলি ব্যক্ত কৰি তেওঁ কয় যে যিসকলে আঁচনিৰ কাৰণে আগবাঢ়ি আহিব সেইসকলক আমি কোলাত লোৱাদি আদৰি ল’ব লাগিব । আজিৰ সভাত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ উপৰি তিনিচুকীয়াৰ উপায়ুক্ত নাৰচিম পৱাৰ, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়া ত্ৰিদিৱ হাজৰিকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি অংশগ্ৰহণকাৰী যুৱক-যুৱতী সকলক প্ৰতি পৰামৰ্শ আগবঢ়ায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More