তিনিচুকীয়াা পৰা কৰ্তন কৰি ডিব্ৰুগড়ত চামিল পানীতোলা বাগিছা

প্ৰতিবাদমুখৰ অসম চাহ মজদুৰ সংঘ

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জানুৱাৰী : তিনিচুকীয়া জিলাৰ পৰা কৰ্তন কৰি পানীতোলা চাহ বাগিছা ডিব্ৰুগড় জিলাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে অসম চাহ মজদুৰ সংঘ (এচিএমএছ) ৷ আজি এক বিবৃতিত এচিএমএছ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে চৰকাৰে নাগৰিক, দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান কাৰো লগত কোনো আলোচনা নকৰাকৈ সমষ্টি নির্ধাৰণৰ গেজেট নটিফিকেচন প্রকাশ কৰি হিটলাৰী শাসন চলোৱাৰ দৰে কাম কৰাটো অতি দুর্ভাগ্যজনক ৷ তেওঁৰ মতে চৰকাৰৰ এই নীতিবহির্ভূত সিদ্ধান্ত ৰাজতন্ত্ৰৰ লক্ষণ, গণতন্ত্ৰৰ নহয় । চৰকাৰখন যিহেতু ৰাইজৰ চৰকাৰ, গতিকে ৰাইজৰ লগত আলোচনা মর্মেহে সিদ্ধান্ত লোৱা উচিত আছিল । শেহতীয়াকৈ অসম ৰাজপত্ৰত জাৰী কৰা জাননীযোগে চৰকাৰে পানীতোলা চাহ বাগিছা তিনিচুকীয়া জিলাৰ পৰা ডিব্ৰুগড় জিলাত চামিল কৰিছে । এতিয়াৰ পৰা পানীতোলা চাহ বাগিছাৰ সকলো প্রশাসনিক কামকাজ ডিব্ৰুগড় জিলাতহে সম্পন্ন হ’ব ৷ চাহুৱে বিবৃতিটোত উল্লেখ কৰে যে পানীতোলা চাহ বাগিছাৰ শতকৰা ৯৯.৯৯ অংশ তিনিচুকীয়া জিলাত যুগ যুগান্তৰৰ পৰা চামিল হৈ আছে ৷ ইয়াৰ দৰিদ্ৰ শ্ৰমিক ৰাইজে ইমানদিনে ন্যুনতম খৰচতে তিনিচুকীয়াত প্রশাসনিক কামকাজ সম্পন্ন কৰিবলৈ সক্ষম হৈছিল । পানীতোলা চাহ বাগিছাৰ পৰা ডিব্ৰুগড় চহৰৰ দূৰত্ব বহু বেছি হোৱাৰ উপৰি ভাড়াও অধিক ৷ ডিব্ৰুগড়লৈ যাবলগীয়া হ’লে দৰিদ্ৰ শ্ৰমিকসকলে অত্যধিক ব্যয় বহন কৰিব লাগিব ৷ তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পানীতোলা চাহ বাগিছাৰ শ্ৰমিক ৰাইজে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাতো সহজসাধ্য আৰু সুবিধাজনক ৷ ডিব্ৰুগড় জিলাত পানীতোলাৰ কোনো অস্তিত্বই নাই আৰু পানীতোলা হ’ল সম্পূর্ণৰূপে তিনিচুকীয়া জিলাৰ অন্তর্গত ৷ তেনেস্থলত পানীতোলা চাহ বাগিছাৰ ৯৯.৯৯ শতাংশ শ্রমিক ৰাইজে এনে ধৰনৰ জিলা পৰিবৰ্তন হোৱাটো মানি নলয় আৰু প্রয়োজন সাপেক্ষে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰি চাহুৱে বিবৃতিটোত সাধাৰণ খাটিখোৱা দৰিদ্র চাহ জনগোষ্ঠীৰ লোকসকলৰ লগতে সাধাৰণ নাগৰিকক অনাহকত হাৰাশাস্তি নকৰিবলৈ আহ্বান জনায় । এই বিষয়ত ইতিমধ্যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ । চৰকাৰে অতি সোনকালে উক্ত বিষয়ৰ ওপৰত উপযুক্ত সিদ্ধান্ত গ্ৰহন কৰি গেজেট নটিফিকেচন সংশোধন কৰি পানীতোলা চাহ বাগিছা পূৰ্বৰ দৰে তিনিচুকীয়া জিলাত চামিল কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ এচিএমএছৰ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৱে দাবী জনায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More