তিনিচুকীয়াৰ গুণোৎসৱত ’টিকনি বৰুৱা’ উপহাৰ স্বৰূপে লাভ কৰিলে মন্ত্ৰী ৰনজিৎ দাসে

0 39

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ফেব্ৰুৱাৰী : গুণোৎসৱ-২০২৩ ৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্যসূচীত বৰ্হিমূল্যায়ক হিচাপে আজি তিনিচুকীয়াৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত উপস্থিত হয় গ্ৰামোন্নয়ন আদি একাধিক বিভাগৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাস ৷ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ যাৱতীয় নথিপত্ৰ পৰ্য্যাবেক্ষণৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা বিদ্যালয়খনৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ মন্ত্ৰীয়ে বিদ্যালয়খনৰ শ্ৰেণীকোঠা, শিকন কক্ষ, পুথিভঁৰাল আৰু চৌহদত স্থাপন কৰা শাকনিবাৰী আৰু ফলমূলৰ বাগিচাও পৰিদৰ্শন কৰে ৷ বিদ্যালয়খনত ছাত্ৰীৰ উপস্থিতিৰ হাৰ, বিদ্যালয়খনৰ পৰিবেশ আৰু বিবিধ খেতিবাতি দেখি অভিভাৱক মন্ত্ৰীয়ে মুকলিকৈ সন্তোষ প্ৰকাশ কৰে ৷ ইয়াৰোপৰি বনৌষধিৰূপে গ্ৰামাঞ্চলৰ ৰাইজে গ্ৰহণ কৰা ’টিকনি বৰুৱা’ বুলি পৰিচিত আপুৰুগীয়া উদ্ভিদবিধ বিদ্যালয়খনত দেখি মন্ত্ৰী আচৰিত হয় আৰু বিদ্যালয়ৰ তৰফৰ পৰা উপহাৰ স্বৰূপে প্ৰদান কৰা ইয়াৰে কিছু নিজলৈ বুলি লৈ যায় ৷ তেওঁ গুণোৎসৱ-২০২৩ উপলক্ষে বিভিন্ন শ্ৰেণীত অনুষ্ঠিত পৰীক্ষাৰো মূল্যায়ন কৰে ৷ ইয়াৰ পাছত মন্ত্ৰী দাসে গুইজানস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়তো বৰ্হিমূল্যায়ক হিচাপে উপস্থিত হৈ বিদ্যালয়খনৰ ছাত্ৰীসকলৰ শৈক্ষিক তথা সৃজনশীল প্ৰতিভাৰ উমান লয় ৷ মন্ত্ৰীয়ে শৈক্ষিক বিষয়ৰ ওপৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতেও মতবিনিময় কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More