তিনিচুকীয়াৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিজেপি নেতা ডেৰমাহে মুকলি আকাশৰ তলত

গৰজি উঠিল চিপিআই(এম-এল)

0 27

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ মে’ : তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাছমাৰী পঞ্চায়তৰ কাটানি গাঁৱত যোৱা ২০ মাৰ্চত সংঘটিত নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আজিকোপতি কৰায়ত্ত নকৰাত চিপিআই(এম-এল)ৰ তিনিচুকীয়া জিলা সমিতিয়ে উদ্বেগ প্ৰকাশ কৰিছে ৷ আজি দলৰ জিলা সমিতিৰ সম্পাদক সুভাষ সেন, সদস্য পূৰ্ণ কাকতি আৰু প্ৰগতিশীল নাৰী সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদিকা শিখা দাসে ঘটনাৰ এক চৰজমিন কৰি এক প্ৰেছ বিবৃতিত উক্ত ঘটনা সম্পৰ্কে কয় যে কাটানি গাঁৱৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ কাষৰ একেবাৰে দৰিদ্ৰ চাহ শ্ৰমিক পৰিয়ালৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৩ বছৰীয়া নাবালিকাক উক্ত গাঁৱৰে বিজেপি নেতা পঞ্চাছউৰ্দ্ধৰ লম্পট সমুন্দ্ৰ ৰায় লিম্বুৱে নিজ গৃহৰ পায়খানা ঘৰত ধৰ্ষণ কৰে ৷ অপকাণ্ডৰ পিছত লিম্বুৰ পত্নীয়ে ছোৱালীকহে হত্যা কৰাৰ ভাবুকি দিয়াত ধৰ্ষিতা তথা অসুস্থ হৈ পৰা ছোৱালীজনী ভীতিগ্ৰস্ত হয় আৰু অন্যহাতে নিজৰ ঘৰৰ পৰাও শাস্তি পোৱাৰ ভয়তে উচুপি উচুপি বাগিছাৰ ভিতৰত নিশা ১১ বজালৈকে পৰি থাকে ৷ পাছত পৰিয়ালৰ লোকে তাইক বিচাৰি আনে ৷ পিছদিনা আৰক্ষীক অভিযোগ দিয়ে যদিও আৰক্ষীৰ পৰা তেওঁলোকে কোনো সঁহাৰি নাপালে ৷ চাৰি দিনৰ দিনা আৰক্ষী গৈছিল যদিও দোষীক কৰায়ত্ত ধৰাৰ বাবে কোনো তৎপৰতা প্ৰদৰ্শন নকৰে ৷ আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ইতিমধ্যে অভিযুক্তই পলায়ন কৰিবলৈ সক্ষম হয় । আনকি নিৰ্যাতিতাক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যোৱা ১৪ এপ্ৰিলত কৰ্তৃপক্ষৰ পৰা কোনো ন্যায় নাপাই লাজ, অপমান আৰু অৱজ্ঞাৰ বোজা সহিব নোৱাৰি একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ধৰ্ষিতাৰ মাতৃ বুধনী প্ৰজাই নিজ ঘৰতে চিপ লৈ আত্মহত্যা কৰে ৷ এই মৰ্মান্তিক ঘটনাৰ পাছত পৰিয়াল আৰু গাঁৱৰ লোকে মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে যোৱা ৮ মে’ৰ দিনা পিতৃমাতৃক হেৰুৱা নিৰ্যাতিতা নাবালিকাক তিনিচুকীয়াৰ চাইল্ড কেয়াৰ চেণ্টাৰৰ কৰ্তৃপক্ষই গাঁৱৰ পৰা লৈ আনি নিজ কৰ্তৃত্বত ৰাখিছে ৷ চিপিআই(এম-এল) দলে আৰক্ষীৰ হেমাহিৰ বাবেই দুৰ্বৃত্ত সমুন্দ্ৰ ৰায় লিম্বুৱে পলায়নৰ সুযোগ পালে বুলি অভিযোগ কৰি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ অৱহেলাকো সমালোচনা কৰিছে ৷ নাবালিকাৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ বাল্য বিবাহৰ কেইবাহাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰা, বিৰোধী দলৰ বিৰুদ্ধে সামান্য অভিযোগ পায়েই কৰ্ণাটক পৰ্যন্ত আৰক্ষীৰ অভিযান চলোৱা বিজেপি চৰকাৰে এই দুৰ্বৃত্তটোক ততালিকে বিচাৰি উলিয়াই উচিত শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত কিয় অৱহেলা কৰিছে বুলি বিবৃতিটোত প্ৰশ্ন উত্থাপন কৰা হয় ৷ কয়লা মাফিয়াৰ হাতত নিহত দৰিদ্ৰ শ্ৰমিক প্ৰাঞ্জল মৰাণৰ পত্নীয়ে স্থানীয়ভাৱে ন্যায় নাপাই আৰক্ষী সঞ্চালকপ্ৰধানৰ দুৱাৰত ধৰ্ণা দিবলগীয়া হৈছিল ৷ কিন্তু ভুক্তভোগী নাবালিকাৰ ক্ষেত্ৰত তেনে কৰিবলৈ তাই পিতৃমাতৃহাৰা ৷ সেই দায়িত্ব পালন কৰিব লাগিব অসমৰ নাগৰিকে ৷ চিপিআই(এম-এল) দলে ন্যায় লাভৰ পৰা বঞ্চিত পিতৃমাতৃহীন নাবালিকাগৰাকীক শীঘ্ৰে ন্যায় প্ৰদানৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষই পিতৃমাতৃৰ মৰম আৰু দায়িত্বৰে প্ৰকৃত নাগৰিক হিচাপে গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে ৷ চিপিআই(এম-এল) দলে অনুধাবন কৰিছে যে বিজেপি দলৰ শাসনত, গাঁৱেভূঞে থকা তেওঁলোকৰ কিছুমান মাতব্বৰী নেতাৰ প্ৰতাপত সাধাৰণ শ্ৰমজীৱী দৰিদ্ৰ লোকৰ জীয়াই থকাৰ অধিকাৰ নাইকিয়া হৈ পৰিছে ৷ নাবালিকা, নাৰীসকল সকলো অসহায় হৈ পৰিছে ৷ আচিফাৰ পৰা বিলকিচ বানুলৈকে, মল্লযোদ্ধাৰ পৰা কাটানীলৈকে অসংখ্য উদাহৰণে একেই অপশাসনৰ নজিৰ দাঙি ধৰিছে ৷ সৰ্বশেষত দেশৰ নাগৰিকে ন্যায় পোৱাৰ অধিকাৰো য’ত হেৰুৱাই পেলায় সেইখন দেশ আৰু বাসোপযোগী হৈ নাথাকে ৷ এগৰাকী সহজ, সৰল বেদনাহত মাতৃ বুধনী প্ৰজাৰ আত্মত্যাগে দেশৰ নাগৰিকৰ চকুত আঙুলিয়াই তাকে দেখুৱাই দিলে ৷ বুধনী প্ৰজাৰ আত্মহত্যা কেৱল তেওঁৰে মৃত্যু নহয়, সেই এলেকাৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো সৎ, অপমানিত, বিবেকবান মানুহৰ বিবেকৰ মৃত্যু ৷ চিপিআই(এম-এল) দলে এই সমাজবিৰোধীটোক সামাজিকভাৱে নিঃশেষ নকৰা পৰ্যন্ত ক্ষান্ত নহয় বুলি উল্লেখ কৰাৰ লগতে লম্পটটোক আৰক্ষীৰ হাতত গতাই দি যথোপযুক্ত কঠোৰ শাস্তি পোৱাত সহযোগিতা আগবঢ়াবলৈ সকলো পক্ষকে আহ্বান জনায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More