তিনিচুকীয়াৰ পৰা সন্ধানহীন কিশোৰী বিহাৰত উদ্ধাৰ

0 12

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : বিগত ৫ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা তিনিচুকীয়াৰ নপুখুৰী অঞ্চলৰ এগৰাকী কিশোৰী বিহাৰত উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ জ্যোতি নগৰ নিবাসী জনৈক জয় প্ৰকাশ আগৰৱালাৰ নাবালিক কন্যাই ৫ অক্টোবৰৰ ৰাতিপুৱা বিস্কুট আনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু বহু দেৰিলৈকে কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত ঘৰত হুৱাদুৱা লাগে ৷ পৰিয়ালৰ লোকে বিচাৰখোচাৰ কৰি কিশোৰীগৰাকীৰ কোনো সন্ধান নোপোৱাত নপুখুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই বিহাৰৰ বিহপুৰ আৰক্ষীৰ সহযোগত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ নাবালিকাগৰাকীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি উক্ত দিনা বিস্কুট আনিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰ পৰা তেওঁৰ কোনো কথা মনত নাই ৷ কিশোৰীগৰাকীক অচেতন অৱস্থাত ৰেলযোগে লৈ যোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে ৷ ইফালে কিশোৰীগৰাকী উদ্ধাৰ হোৱাৰ সময়ত তেওঁক অকলশৰীয়া অৱস্থাত পোৱা গৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ তিনিচুকীয়া আৰক্ষীয়ে আজি উদ্ধাৰ কৰি অনা কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি পৰিয়ালক গটাই দিয়ে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More