তিনিচুকীয়াৰ বাৰেকুৰিত ’টুইক’ৰ তিনি বছৰীয়া জন্মদিন

0 52

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ নৱেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্য্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাৱঁত আজি উলহমালহেৰে পালন কৰা হয় ’টুইক’ৰ জন্মদিন ৷ ’টুইক’ৰ জন্মদিন উপলক্ষে প্ৰস্তুত কৰা হয় বিশেষ আকৰ্ষণীয় কেক্ ৷ বিগত ২০১৯ চনৰ ১ নৱেম্বৰত জন্মগ্ৰহণ কৰা ’টুইক’ৰ আজি আছিল তিনি বছৰীয়া জন্মদিন ৷ আজি পুৱাই বিশেষ কাৰ্য্যসূচীৰে দীঘলসাঁকোবাসীয়ে জন্মদিন পালন কৰা ’টুইক’ কোনো মানৱ সন্তান নহয় ৷ ’টুইক’ হৈছে বৃহত্তৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা হলৌ পৰিয়ালটোৰ এটি ৩ বছৰীয়া পোৱালি ৷Screenshot 2022 11 01 17 29 57 84 40deb401b9ffe8e1df2f1cc5ba480b12 আজি পুৱা দীঘলসাঁকোৰ স্থানীয় ৰাইজে ভালেসংখ্যক প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশ কৰ্মীৰ উপস্থিতিত বিশেষভাৱে প্ৰস্তুত কৰা কেক্ কাটি আৰু হলৌক কল খুৱাই ’টুইক’ৰ জন্মদিন পালন কৰে ৷ ’টুইক’ৰ জন্মদিনৰ কাৰ্য্যসূচী পালন কৰি স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশ কৰ্মীসকলে হলৌ বান্দৰ সংৰক্ষণৰ জৰিয়তে বাৰেকুৰিক পৰ্য্যটনৰ ক্ষেত্ৰখনত আগবঢ়াই নিবলৈ চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেড আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷ উল্লেখ্য যে সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা দুষ্প্ৰাপ্য হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম হৈ পৰিছে ৷ হলৌৰ সৈতে বাৰেকুৰিবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে ৷ প্ৰতিবছৰৰ দৰে এইবাৰো বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত তথা অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তত্বাৱধান আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অসম মৰাণ সভা, তৰাজান ডেংকা শাখা সমিতি, তৰাজান ডেংকা সন্মিলিত যুৱ সংঘৰ লগতে বাৰেকুৰিবাসীৰ সহযোগত ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে হলৌ দিৱসৰ আয়োজন কৰা হৈছিল ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More