তিনিচুকীয়াৰ বাৰেকুৰিত ৰাছিয়াৰ ৩ পৰ্যটকৰ উপস্থিতিত হলৌ দিৱসৰ লাইখুঁটা স্থাপন

0 44

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ অক্টোবৰ : বিশ্বৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ অন্যতম হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে পালন কৰি অহা হৈছে বিশ্ব হলৌ দিৱস ৷ সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা এই হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে ৷ প্ৰতিবছৰৰ ২৪ অক্টোবৰত পালন কৰা এই হলৌ দিৱস এইবাৰ বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত তথা অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তত্বাৱধান আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অসম মৰাণ সভা, তৰাজান ডেংকা শাখা সমিতি, তৰাজান ডেংকা সন্মিলিত যুৱ সংঘৰ লগতে বাৰেকুৰিবাসীৰ সহযোগত অহা ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে ৷ সেই উপলক্ষে আজি তৰাজান ডেংকা ৰাজহুৱা খেলপথাৰত তিনিচুকীয়া জিলা সত্ৰ মহাসভাৰ সভাপতি তথা মায়মৰা উবন সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু বীৰেন মহন্তই ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে গায়ন বায়নেৰে লাইখুঁটা স্থাপন কৰে ৷ উক্ত অনুষ্ঠানত বাৰেকুৰি অঞ্চলৰ একাধিক গণ্যমান্য ব্যক্তিৰ লগতে উপস্থিত থাকে ৰাছিয়াৰ তিনিগৰাকীলৈ পৰ্যটক ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More