তিনিচুকীয়াৰ বৌদ্ধ বিহাৰৰ পৰা আটক ভিক্ষুবেশী সন্দেহজনক নাগৰিক

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : বৌদ্ধ ভিক্ষুৰ বেশেৰে সমাজৰ চকুত ধূলি মাৰি তিনিচুকীয়া চহৰৰ কলেজ ৰ’ডস্থিত বৌদ্ধ বিহাৰত প্ৰায় দুবছৰ দিন বাস কৰি অহা এজন সন্দেহজনক নাগৰিকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে নিজৰ পৰিচয় ৪২ বছৰ বয়সীয়া ৰতনশ্ৰী ভিক্ষু ওৰফে ৰাহুল বৰুৱা বুলি প্ৰদান কৰি অহা ধৃত সন্দেহজনক নাগৰিকজনৰ নথিপত্ৰত তেওঁৰ ঠিকনা ত্ৰিপুৰাৰ ধলাই জিলাৰ চাইলেংটা আৰক্ষী থানাৰ অধীনৰ মাইনামা অঞ্চল নিবাসী প্ৰয়াত বংগ মিত্ৰ বৰুৱাৰ পুত্ৰ বুলি উল্লেখ আছিল ৷ কিন্তু কিছুকাল পূৰ্বে এই ব্যক্তিজনৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় ৷ তেওঁৰ বিৰুদ্ধে বিভিন্ন ওজৰআপত্তি লাভ কৰাৰ লগতে সামাজিক মাধ্যমত ব্যক্তিজনক কেন্দ্ৰ কৰি নানা বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছত আঞ্চলিক ভিক্ষু সংঘ সমিতিৰ সিদ্ধান্তমৰ্মে সংঘৰ সভাপতি সুমেধানন্দ ভিক্ষুয়ে বিগত বৰ্ষত তিনিচুকীয়া আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল ৷IMG 20220810 152437 উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে আৰু তদন্তকালত ৰতনশ্ৰী ভিক্ষু ওৰফে ৰাহুল বৰুৱাৰ নথিপত্ৰসমূহ ভূৱা বুলি প্ৰমাণিত হয় ৷ ইয়াৰ পাছতে আজি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন, বিদেশী আইন আৰু পাৰপত্ৰ আইনৰ একাধিক ধাৰাৰ অধীনত তিনিচুকীয়া থানাত ৰুজু হোৱা ৭৩৮/২০২২ নং গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ব্যক্তিজন বাংলাদেশৰ নাগৰিক বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে তদন্তৰ পাছতহে এই সন্দৰ্ভত নিশ্চিতকৈ ক’ব পৰা যাব বুলি প্ৰকাশ কৰিছে ৷ স্মৰ্তব্য, বিগত ২০১৯ চনতো অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ ইফালে কেৱল বৌদ্ধ ধৰ্মালম্বীসকলৰ বাবেই নহয় সকলো ধৰ্মৰ লোকেই পবিত্ৰ বুলি গণ্য কৰা বৌদ্ধ বিহাৰৰ দৰে স্থানক সন্দেহজনক নাগৰিকে নিৰাপদ আশ্ৰয় ৰূপে বাচি লোৱাৰ ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More