তিনিচুকীয়াৰ যুৱক সন্ধানহীন : ডিব্ৰু নদীত এছ ডি আৰ এফ, আৰক্ষীৰ অভিযান

0 16

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট : তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰৰ বাসিন্দা প্ৰদীপ বৰ্মনৰ পুত্ৰ দৰ্পণ বৰ্মন (২৩) কালিৰ পৰা সন্ধানহীন হৈ থকাৰ সময়তে তেওঁৰ চাইকেলখন তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ডিব্ৰু নদীৰ গুইজান ঘাটৰ সমীপত উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ ঘটনা অধিক জটিল হৈ পৰিছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে তিনিচুকীয়া সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত যুৱকজনৰ সন্ধানত আৰক্ষীয়ে গুইজানৰ আশে-পাশে সন্ধান চলাই যদিও তেওঁৰ কোনো সম্ভেদ লাভ কৰাবলৈ সক্ষম নহ’ল । ইফালে যুৱকজন ডিব্ৰু নদীত পৰি সন্ধানহীন হোৱাৰ আশংকাত আজি এছডিআৰএফ আৰু গুইজান আৰক্ষীয়ে ডিব্ৰু নদীত কেইবাঘন্টা সময় ধৰি অভিযান চলাই যদিও যুৱকজনৰ সন্ধান লাভ নকৰে ৷ উল্লেখ্য যে কালি বিয়লি নিজৰ চাইকেলেৰে গুইজানৰ দিশে ওলাই যোৱা সদ্য স্নাতক যুৱকজনৰ চাইকেলখন সন্ধিয়া গুইজান ঘাটৰ সমীপত উদ্ধাৰ হৈছিল । চাইকেলখন যুৱকজনৰ বুলি এজন সমনীয়াই চিনাক্ত কৰাত পৰিয়ালৰ লোকে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰে । যুৱকজন হঠাতে নিখোজ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More