তিনিচুকীয়াৰ হেবেদা গাঁৱত বাঘৰ সন্ত্ৰাস

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : তিনিচুকীয়া জিলাৰ মাকুমৰ ২ নং হেবেদা গাঁৱত এটা নাহৰফুটুকী বাঘক কেন্দ্ৰ কৰি বিৰাজ কৰিছে এক আতংকময় পৰিৱেশে । উল্লেখ্য যে খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰবেশ কৰা বাঘটোৱে সোমবাৰে বিয়লি মুকুট মৰাণ নামৰ এজন ব্যক্তিক আক্ৰমণ কৰে । গাঁৱৰ ৰাইজে চিঞৰবাখৰ কৰাত বাঘটোৱে গাঁৱৰে এঘৰৰ বাৰীত থকা এজোপা বৃহৎ আম গছত আশ্ৰয় লয় । এই বিষয়ে ৰাইজে খবৰ দিয়াৰ পাছত লাংকাচি আৰক্ষী আৰু ডিগবৈ বন সংমণ্ডলৰ লোক গাওঁখনত উপস্থিত হয় । বাঘটো ট্ৰেংকুইলাইজ কৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা বন্যপ্ৰাণী বিশেষজ্ঞক তলব কৰা হয় । অৱশ্যে বিশেষজ্ঞ উক্ত স্থানত উপস্থিত হোৱাৰ পূৰ্বেই বাঘটো তাৰপৰা অন্তৰ্ধান হয় বুলি স্থানীয় সূত্ৰত প্ৰকাশ । নাহৰফুটুকীটোক কেন্দ্ৰ কৰা এতিয়াও গাওঁবাসীৰ মাজত আতংকই বিৰাজ কৰি আছে । বাঘটোৱে বিগত কেইবাদিনো ধৰি গৰু, ছাগলী মাৰি গাওঁখনত সন্ত্ৰাস চলাই অহা বুলি প্ৰকাশ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More