তিনিচুকীয়াৰ ৬ টা বাতৰি

0 91
বাগিছা অঞ্চলত সুৰাৰ দোকান খুলিবলৈ দিয়া নহ’বঃ আটলুৰ কাৰ্য্যনিৰ্বাহক সভাত প্ৰস্তাৱ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ নৱেম্বৰ : অসম চৰকাৰে ৰাজহৰ ঘাটি পূৰাবৰ বাবে ৰাজ্যৰ চুকে কোণে শ শ সুৰাৰ বিপনী স্থাপন কৰিবলৈ লোৱাৰ সময়তে বাগিছা অঞ্চলত মদৰ দোকান স্থাপনৰ পৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়নি দিছে অসম টি লেবাৰ ইউনিয়নে (আটলু) ৷ দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত আটলুৰ এখন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আটলুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইজৰাইল নন্দই এক বিবৃতিত কয় যে সভাই চাহ বাগিছা অধ্যুষিত অঞ্চলসমূহত কোনো কাৰণতে বিলাতী সুৰাৰ দোকান খুলিবলৈ দিয়া নহ’ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰি এইক্ষেত্ৰত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ৷ একাধিক চাহ বাগিছাৰ শ্ৰমিক ৰাইজ উপস্থিত থকা সভাখনত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰাৰ লগতে কেইবাটাও প্ৰস্তাৱ গৃহীত কৰা হয় ৷ সেই অনুসৰি এতিয়াৰ পৰা চাহ কোম্পানীসমূহে শ্ৰমিকক যোগান ধৰা ৰেছনত ট্ৰেডমাৰ্ক থাকিব লাগিব আৰু কোন মিলত উক্ত চাউল, আটা মিলিং হ’ল তাৰো নাম উল্লেখ থাকিব লাগিব ৷ ইয়াৰোপৰি চাহ শ্ৰমিকে পাবলগীয়া ভৱিষ্যনিধিৰ ধন, গ্ৰেচুইটি, ডি এল আই এমাহৰ ধন মোকলাই দিয়া, বাগিছা সমূহত কৰ্মৰত শ্ৰমিকক শীঘ্ৰে গ্ৰেড দিয়াৰ ব্যৱস্থা কৰা আৰু চাহ গছ উচ্ছেদ কাৰ্য্য বন্ধ কৰিবলৈ দাবী জনোৱা হয় ৷ শ্ৰমিক নেতা দুৰ্গা মহাৰাজৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে আটলুৰ সাধাৰণ সম্পাদক ইজৰাইল নন্দই ৷
মটক জনগোষ্ঠীৰ কীৰ্তিচিহ্ন তিনিকোণীয়া পুখুৰীৰ সৌন্দৰ্য্যবৰ্ধনৰ আধাৰশিলা
 ইতিহাস প্ৰসিদ্ধ মটক জনগোষ্ঠীৰ অন্যতম কীৰ্তিচিহ্ন তিনিচুকীয়া চহৰৰ তিনিকোণীয়া পুখুৰীৰ সৌন্দৰ্য্যবৰ্ধন আৰু পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা দেওবাৰে স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুদানন্দ গোস্বামীয়ে ৷ উল্লেখ্য যে মটক জনগোষ্ঠী উন্নয়ন বিশেষ পুঁজিৰ মুঠ ২.৯৫ কোটি টকা ব্যয় সাপেক্ষে ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ সৌন্দৰ্য্যবৰ্ধনৰ লগতে পুনৰ নিৰ্মাণকাৰ্য্য সম্পন্ন হ’ব ৷ মটক স্বায়ত্ত শাসিত পৰিষদৰ তত্বাৱধানত হ’বলগীয়া এই কামৰ বাবে প্ৰথম কিস্তিৰ ১.২৫ কোটি টকা আৱণ্টন দিয়া হৈছে ৷ মটক স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাইৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্য্যসূচীৰ আঁত ধৰে পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নৱজ্যোতি শইকীয়াই ৷ উপস্থিত থাকে তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ, উপায়ুক্ত নৰসিং পাৱাৰ, চক্ৰ বিষয়া চিন্ময় পাঠক, স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ ডেভিদ চেতিয়া, উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া, আৰ্কিটেক মনোজ বৰাকে আদি কৰি মটক সন্মিলন, মটক যুৱ-ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদৰ বিষয়ববীয়া সকল ৷ এই ঐতিহাসিক পুখুৰীটোৰ সৌন্দৰ্য্যবৰ্ধন আৰু পুনৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হোৱাৰ পাছত উক্ত স্থান এক পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি উঠিব বুলি মটক স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁইয়ে আশা প্ৰকাশ কৰিছে ৷
তিনিচুকীয়াত চৰকাৰী মাটিত দোকান সাজি ভাড়াত দিলে অনাঅসমীয়াই : নিৰ্বিকাৰ প্ৰশাসন, পৌৰসভা
 সমগ্ৰ তিনিচুকীয়া চহৰত এচাম বহিৰাগতই বেপৰোৱাভাৱে বেদখল চলাই থকাৰ পাছতো প্ৰশাসন কিম্বা পৌৰসভাই নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ বিষয়ে সততে বাতৰি প্ৰকাশ পাই অহাৰ সময়তে এইবাৰ অনাঅসমীয়াই চৰকাৰী ভূমিত দোকান নিৰ্মাণ কৰি ভাড়াত দি ধন ঘটি থকাৰ এক আজৱ ঘটনা পোহৰলৈ আহিছে ৷ তিনিচুকীয়াৰ উৰণীয়া সেতুৰ কাষতে মাকুম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেইফাৰ্লংমান দূৰত এজন অনাঅসমীয়া ব্যক্তিয়ে চৰকাৰী মাটিত দোকান নিৰ্মাণ কৰি ভাড়াত দিয়া কাণ্ডই সকলোৰে চকুত কপালত তুলিছে । এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়া পৌৰসভাৰ ৬ নং ৱাৰ্ডত ৷ সচৰাচৰ দেখা যায় যে উৰণীয়া সেতুৰ ভাৰসাম্য সঠিকভাৱে বৰ্তাই ৰখাৰ বাবে সেতুৰ তলত দুয়োফালে মাটি দিয়া হয় ৷ অভিযোগ অনুসৰি উক্ত মাটি কাটি জনৈক অৰুণ সিং নামৰ এক বহিৰাগতই পাঁচখন দোকান নির্মাণ কৰি বিভিন্নজনক ভাড়ালৈ দি ধন ঘটি আছে ৷ চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা এই দোকানসমূহে কিদৰে বিদ্যুৎ সংযোগ লাভ কৰিবলৈ সক্ষম হ’ল সেয়াও ৰহস্যজনক ৷ চহৰখনৰ মাজমজিয়াতে অনাঅসমীয়া এইদৰে চৰকাৰী মাটিত দোকান সাজি ভাড়ালৈ দিয়াৰ পাছতো প্ৰশাসন কিম্বা পৌৰসভাই গ্ৰহণ কৰি আহিছে চকু মুদা কুলিৰ ভাও ৷ স্মৰ্তৱ্য যে কেইমাহমান পূৰ্বে চৰকাৰী ভূমিত অবৈধভাৱে হোটেল স্থাপন কৰাৰ অভিযোগত প্ৰশাসনে বুলডজাৰ লগাই ভাঙি দিছিল এজন থলুৱা যুৱকৰ এখন ৰেষ্টুৰেণ্ট ৷ তেনেস্থলত অৰুণ সিঙৰ দৰে বহিৰাগতই চৰকাৰী ভূমি বেদখল কৰি গঢ়ি তোলা অবৈধ নিৰ্মাণৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্রশাসন কিম্বা পৌৰসভা নিৰৱ কিয় সেয়া সৰ্বসাধাৰণৰ বোধগম্য হোৱা নাই ৷
 তিনিচুকীয়াত ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন
মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ উদ্যোগত তিনিচুকীয়াত আয়োজন কৰা দশম বার্ষিক সদৌ অসম ভিত্তিত আমন্ত্রণমূলক ভাওনা সমাৰোহৰ লগতে গ্ৰন্থমেলা, থলুৱা সামগ্ৰী বিপণন মেলাৰ দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপন কৰে তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ৰংপুৰীয়াৰ আদৰ্শ সত্ৰৰ অধিকাৰ মুনমুন দেৱগোস্বামীয়ে ৷ উল্লেখ্য যে অহা ৩ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈকে তিনিচুকীয়াৰ বৰদলৈ নগৰ খেলপথাৰৰ আদিত্য গগৈ আৰু ডলী গগৈ সোঁৱৰণী মণিকাঞ্চন ক্ষেত্ৰত এই ভাওনা সমাৰোহ অনুষ্ঠিত হ’ব ৷ সমাৰোহখন সফলতাভাৱে সম্পন্ন কৰাৰ বাবে উদ্যোক্তাসকলে ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷
অসম ভোজপুৰী সাহিত্য সভাৰ ষঠ্ পূজা সমিতিলৈ পুৰস্কাৰ
অসম ভোজপুৰী সাহিত্য সভাৰ উদ্যোগত তিনিচুকীয়া জিলাৰ ষঠ্ পূজা আয়োজক সমিতিসমূহক উৎসাহিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা এক প্রতিযোগিতাৰ বিজয়ী পূজা সমিতিসমূহৰ মাজত দেওবাৰে পুৰস্কাৰ বিতৰণ কৰা হয় ৷ সদৌ অসম ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদৰ সহযোগত স্থানীয় চিৰাপট্টি অঞ্চলস্থিত ৰাজহুৱা দেৱী মন্দিৰ চৌহদত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্রী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱা, অসম হাইড্র’কার্বন এনার্জি এণ্ড কোম্পানী লিমিটেডৰ উপ-সভাপতি শিউজী ডুবে, বিজেপি নেতা সঞ্জয় সিং, সমাজকর্মী যোগিন্দৰ সিং, কাউন্সিলাৰ ধীৰাজ সিং আৰু পুষ্পা সিং ৷ সঞ্জয় সিঙৰ অধ্যক্ষতাত আয়োজিত অনুষ্ঠানটো পৰিচালনা কৰে ভোজপুৰী সাহিত্য সভাৰ কাৰ্য্যকৰী উপ-সভাপতি কৃষ্ণা উপাধ্যায়ে ৷
তিনিচুকীয়াত বিষয়বস্তু ভিত্তিক লোকনৃত্য প্ৰতিযোগিতা : সাৰ্বজনীন ৰাজ্যিক পৰ্যায়লৈ
অসম ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদৰ অন্তৰ্গত জনসংখ্যা শিক্ষা কোষৰ নিৰ্দেশনাত তিনিচুকীয়া জিলাৰ শিক্ষা বিভাগে স্থানীয় চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শনিবাৰে এখন বিষয়বস্তু ভিত্তিক লোকনৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ প্ৰতিযোগিতাৰ বিষয়সমূহ আছিল ক্ৰমে ল’ৰা আৰু ছোৱালীক সমান সুযোগ দিয়া, শিশুৰ বিকাশত যৌথ পৰিয়ালৰ ভুমিকা, পৰিৱেশ সংৰক্ষণ, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ প্ৰতিৰোধ আৰু কৈশোৰ কালৰ সুস্থ সম্পৰ্ক । ইয়াত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ আঠখন বিদ্যালয়ৰ লোকনৃত্য দলে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতাত তিনিচুকীয়াৰ সাৰ্বজনীন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাকুমৰ গোপালকৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ৷ ইয়াৰে প্ৰথম স্থান লাভ কৰা দলটোৱে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব ৷ প্ৰতিযোগিতাৰ আৰম্ভণিতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই ৷ কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ ৷ প্ৰতিযোগিতাখন উদ্বোধন কৰে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নেওগে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More