তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি ৰাজেন বৰুৱাৰ দেহাৱসান

0 21

 

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি, বৰ্ষীয়ান ৰাজনীতিক তথা একালৰ খণ্ড উন্নয়ন বিষয়া ৰাজেন বৰুৱাৰ আজি বিয়লি চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৪ বছৰ । উল্লেখ্য যে তিনিচুকীয়াৰ বেংপুখুৰী নিবাসী প্ৰয়াত বৰুৱাই অবিভক্ত গোৱালপাৰা জিলাৰ আগমনিত কৰ্মজীৱন আৰম্ভ কৰাৰ পাছত তিনিচুকীয়া জিলাৰ কাকপথাৰ, শদিয়া আদি উন্নয়ন খণ্ডতো জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্ম সম্পাদন কৰি এসময়ত চাকৰি জীৱন ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিল । ১৯৯৬ চনত তেওঁ শদিয়া বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও জগদীশ ভূঞাৰ হাতত পৰাজয় বৰণ কৰিছিল । পৰৱৰ্তী সময়ত বৰুৱাই তিনিচুকীয়া জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদকৰ উপৰি ২০০৩ বৰ্ষত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি পদত অধিষ্ঠিত হৈছিল । তেওঁ একাদিক্ৰমে আঠোটা বছৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতিৰ দায়িত্বত আছিল । ২০১১ বৰ্ষত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ হৈ তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । পৰৱৰ্তীকালত বিজেপি দলত যোগদান কৰা বৰুৱাই ৰাজনীতিৰ উপৰি স্বেচ্ছাসেৱী সংগঠনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ সমাজৰ বিভিন্ন দিশত সেৱা আগবঢ়াই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । পত্নীৰ লগতে দুই কন্যা আৰু একমাত্ৰ পুত্ৰক ইহ সংসাৰত এৰি যোৱা বৰুৱাৰ মৃত্যুত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই, উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰণৱ বৰুৱা, জিলা বিজেপি, তিনিচুকীয়া প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল, সংগঠন আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰি কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More