তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি

0 19

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ সেই অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষ তথা প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক ব্যক্তি সমবেত হোৱা, ৰাজহুৱা স্থানত সভা-সমিতি, প্ৰতিবাদী সমদল, ধৰ্ণা তথা জনসমাৱেশ অনুষ্ঠিত কৰা, মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত চলা-ফুৰা কৰা, চৰকাৰী, অৰ্ধচৰকাৰী, ব্যক্তিগত আৱাসৰ দেৱাল তথা চৌহদত বেনাৰ-পষ্টাৰ আদি লগোৱা, কোনো অভব্য-অভিযোগাত্মক শব্দ তথা বাণী লিখাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে । সেইদৰে ৰাজহুৱা স্থানত শব্দ প্ৰদূষণ হ’ব পৰা উচ্চ প্ৰাৱল্যৰ স্পীকাৰ, মাইক আদি ব্যৱহাৰ কৰা, সমদল-সমাবেশত আৰক্ষী আৰু সেনা বাহিনীৰ বাহিৰে আন কোনো ব্যক্তিয়ে ধাৰ থকা অস্ত্ৰ, আগ্নেয়াস্ত্ৰ, লাঠি আদি কঢ়িওৱা, যিকোনো কাৰণত দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বলপূৰ্বক চান্দা সংগ্ৰহ, জোঁৰ সমদল, আটচবাজী বিক্ৰী কিম্বা ফুটোৱা নিষেধ কৰা হৈছে । দুচকীয়া বাহনত এজনতকৈ অধিক লোক উঠিব নোৱাৰিব যদিও এইক্ষেত্ৰত মহিলা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, দায়িত্বত থকা সুৰক্ষা বাহিনীৰ লোক, চৰকাৰী কৰ্মচাৰী, অধিবক্তা, ৬০ বছৰৰ উৰ্ধৰ ব্যক্তি, সাংবাদিক, চিকিৎসালয়লৈ যোৱা ব্যক্তি তথা সঠিক পৰিচয়-পত্ৰ থকা বিশেষভাবে সক্ষম লোকক ৰেহাই দিয়া হৈছে ৷ এই নিষেধাজ্ঞা সমগ্ৰ জিলাখনত তৎকালে বলবৎ হোৱাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More