তিনিচুকীয়া জিলাৰ অগ্ৰগতিৰ বুজ লবলৈ ৰাজ্যপালৰ ভ্ৰমণ

0 10

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মে’ :IMG 20230502 WA0059 অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়িত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আচঁনিৰ কামকাজৰ পৰ্য্যালোচনা কৰিবৰ বাবে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় ৷ সভাৰ আৰম্ভণিতে তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে ৰাজ্যপালগৰাকীক জিলা প্ৰশাসনৰ হৈ উষ্ম আদৰণি জনায় ৷ ইয়াৰ পাছতে উপায়ুক্তই ৰাজ্যপালগৰাকীৰ আগত জিলাখনৰ চমু আভাস দাঙি ধৰাৰ লগতে জিলাখনত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আচঁনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতং তথ্য সম্বলিত এক পাৱাৰ পইন্ট প্ৰেজেণ্টেছন আগবঢ়ায় ৷ ৰাজ্যপালে সমগ্ৰ জিলাখনত জলজীৱন মিছনৰ কামকাজৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে বাগিচা এলেকাত এই আচঁনিৰ অগ্ৰগতিৰ বুজ লয় ৷ তেখেতে বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্রসমূহত জলজীৱন মিছনৰ অধীনত পানীৰ সংযোগ প্ৰদান সন্দৰ্ভতো বিতংভাবে পৰ্যালোচনা কৰে ৷ ৰাজ্যপাল কাটাৰিয়াই জলজীৱন মিছনৰ কামকাজ জিলাখনত আৰু অধিক তৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে ৷ তিনিচুকীয়া জিলাত স্বচ্ছ ভাৰত মিছনৰ অধীনত ৰূপায়ন হৈ থকা কামকাজ সন্দৰ্ভতো সভাত বিতংভাবে আলোচনা কৰা হয় ৷ ৰাজ্যপালে ৰাজ্য চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আচঁনি যেনে মিছন বসূন্ধৰা (২.o), মিছন ভূমিপূত্ৰ, অৰুনোদয়ৰ (২.o) অগ্ৰগতি সন্দৰ্ভতো বিতংভাৱে পৰ্যালোচনা কৰে ৷ জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ন হৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) লগতে অমৃত সৰোবৰ আচঁনিৰ অগ্ৰগতিত তেখেতে সন্তোষ প্ৰকাশ কৰে ৷ ৰাজ্যপালগৰাকীয়ে কৃষি বিভাগৰ অধীনত ৰূপায়ন হৈ থকা প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা তথা ধান ক্ৰয়ৰ ওপৰতো পৰ্যালোচনা কৰে ৷ ৰাজ্যপালে কৃষকসকলক কেৱল এটা খেতিতে সীমাবদ্ধ নাথাকি একেডোখৰ মাটিতে কেইবাটাও খেতি কৰিবৰ বাবে উৎসাহ যোগাবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায় ৷ শিক্ষা বিভাগৰ আৰোহন আচঁনিৰ বুজ লোৱাৰ লগতে জিলাখনত চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ওপৰতো ৰাজ্যপালগৰাকীয়ে পৰ্যালোচনা কৰে ৷ মহিলাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ তেখেতে আহ্বান জনায় ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া), পৌৰ এলেকাত স্বচ্ছ ভাৰত মিছন অভিযানৰ কামকাজ সন্দৰ্ভতো আজিৰ সভাত পৰ্যালোচনা কৰা হয় ৷ স্বাস্থ্য বিভাগৰ বিভিন্ন আচঁনিৰ পৰ্যালোচনা কৰি ৰাজ্যপালে প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযান আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বিতং বুজ লয় ৷ জিলাখনত ই-অফিচ ৰূপায়ন সন্দৰ্ভতো সভাত পৰ্যালোচনা কৰা হয় ৷ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে আৰক্ষী প্ৰশাসনৰ কামকাজৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেছনৰ জৰিয়তে বিতং ব্যাখ্যা আগবঢ়ায় ৷ জিলাখনত চাইবাৰ অপৰাধ আৰু ড্ৰাগছৰ লগত জড়িত অপৰাধ সম্পৰ্কেও ৰাজ্যপালে বুজ লয় ৷ ৰাজ্যপালগৰাকীয়ে সীমান্ত অঞ্চলসমূহৰ পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰে ৷ ৰাজ্যপাল কাটাৰিয়াই সভাত উপস্থিত সকলোকে ঐক্যবদ্ধভাবে ধনাত্মক চিন্তাধাৰাৰে জনসাধাৰণৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় ৷ সভাত জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, অতিৰিক্ত উপায়ুক্ত পলাশ ৰাজকুমাৰ আহোম, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী, শদিয়া আৰক্ষী জিলাৰ অধীক্ষক মৃণাল ডেকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷ সভাৰ পাছতে ৰাজ্যপালে বগাপানী আদৰ্শ অংগনৱাড়ী কেন্দ্র আৰু বগাপানী চাহ বাগিচা ১০ নং লাইন জলজীৱন মিছনৰ পানী যোগান আচঁনি পৰিদৰ্শন কৰে ৷ তেখেতে ডিগবৈস্থিত শতবাৰ্ষিকী সংগ্ৰহালয়ো পৰিদৰ্শন কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More