তিনিচুকীয়া জিলাৰ ৪৪ গাওঁ প্লাৱিত

বানৰ কবলত শিশুকে ধৰি ২৪,৮০৪ জনসংখ্যাঃ ৫ আশ্ৰয় শিবিৰত বানাক্ৰান্ত

0 20
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৩০ জুনঃ বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ ডুমডুমা, শদিয়া আৰু তিনিচুকীয়া ৰাজহ চক্ৰৰ ৪৪ খন গাওঁ বানৰ কবলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত তিনিচুকীয়া ৰাজহ চক্ৰৰ কচুজান, হিজুগুৰী, লোহাৰী বঙালী, পাখৰিজান, খামটি গোৱালীকে ধৰি ১৭ খন, ডুমডুমা ৰাজহ চক্ৰৰ ১ নং হাতীবাট, ন-বৰমূঢ়া, ২ নং ন-বৰমূঢ়া, ১ নং গোহাঁই গাওঁ, বেবেজীয়া, ১ নং পুৰণি মটাপুং, ২ নং পুৰণি মটাপুং, চুমনি, লাইনা, খাগৰিজানকে ধৰি ২৬ খন আৰু শদিয়া ৰাজহ চক্ৰৰ অমৰপুৰৰ ডিবাং চাপৰি বাঢ়নী পানীৰ কবলত পৰিছে। তিনিওটা ৰাজহ চক্ৰৰ পুৰুষ, মহিলা, শিশুকে ধৰি প্ৰায় ২৪,৮০৪ জনসংখ্যা বানৰ ফলত ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে । আনহাতে তিনিওটা ৰাজহ চক্ৰৰ প্ৰায় ৩৪৮.৬৬ হেক্টৰ কৃষিভূমি পানীত বুৰ গৈছে। ডুমডুমা ৰাজহ চক্ৰত ইতিমধ্যে স্থাপন কৰা ৩ টা আশ্ৰয় শিবিৰত পুৰুষ, মহিলা, শিশুকে ধৰি ১৫৮ জন আৰু তিনিচুকীয়া ৰাজহ চক্ৰত স্থাপন কৰা ২ টা আশ্ৰয় শিবিৰত পুৰুষ, মহিলা, শিশুকে ধৰি ২০৩ জন বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে বুলি প্ৰকাশ । শদিয়া ৰাজহ চক্ৰত এইপর্যন্ত আশ্ৰয় শিবিৰ স্থাপন কৰা হোৱা নাই। ডুমডুমা ২ টা, শদিয়াত ২ টা আৰু তিনিচুকীয়া ৰাজহ চক্ৰত ১৭ টা কেন্দ্ৰৰ জৰিয়তে সাহায্য সামগ্ৰী বিতৰণ কৰা বুলি প্ৰশাসনে সদৰি কৰিছে। ইফালে তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খামটি গোৱালী কয়লা পথাৰ অঞ্চলত ব্যাপক খহনীয়াই আতংকৰ সৃষ্টি কৰিছে। আনহাতে আজি বিয়লি পর্যন্ত প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈ বিপদ সীমাৰ ওপৰেদি বৈ আছে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More