তিনি দশকৰ পাছত কাশ্মীৰত মুকলি চিনেমা হল

0 27

তাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : ৩০ বছৰৰ মূৰত জম্মু-কাশ্মীৰত মুকলি হৈছে চিনেমা হল। ১৯৮০ চনৰ পিছত আকৌ এবাৰ কাশ্মীৰৰ জনসাধাৰণ বাটলৈ আহিব। জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ১৮ ছেপ্টেম্বৰ দেওবাৰে কাশ্মীৰত দুটা মাল্টিপ্লেক্স উদ্বোধন কৰে। আজি ১৯ ছেপ্টেম্বৰ মঙলবাৰৰ পৰা ছবিগৃহসমূত প্ৰদৰ্শন আৰম্ভ হৈছে। আশীৰ দশকৰ শেষলৈকে উপত্যকাটোত প্ৰায় এক ডজন স্বতন্ত্ৰ চিনেমা হল চলি আছিল। নব্বৈৰ দশকত তাত থকা চিনেমা হলবোৰ এটা এটাকৈ বন্ধ হ’বলৈ ধৰিলে। কেইবাটাও খবৰ অনুসৰি একাংশ সন্ত্ৰাসবাদী সংগঠনৰ পৰা ভাবুকি লাভ কৰি চিনেমা হলবোৰ বন্ধ কৰিবলৈ বাধ্য হৈছিল মালিকসকলে। তেতিয়াৰ পৰা উপত্যকাটোত চিনেমা হল খুলিবলৈ বহু চেষ্টা কৰা হৈছিল যদিও সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধিৰ বাবে মালিকসকলে হল খুলিবলৈ সাহস কৰা নাছিল। দেওবাৰে পুলৱামা আৰু শোপিয়ানত দুটা মাল্টিপ্লেক্স উদ্বোধন কৰাৰ পিছত লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই টুইট কৰি কয়— “জম্মু-কাশ্মীৰৰ বাবে এক ঐতিহাসিক দিন”। আনহাতে ১৯ ছেপ্টেম্বৰ মঙলবাৰে শ্ৰীনগৰত মাল্টিপ্লেক্স মুকলি কৰা হৈছে আৰু তাত আমিৰ খানৰ ‘লাল সিং চাদ্দা’ৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। কাশ্মীৰৰ এই নতুন মাল্টিপ্লেক্সত আছে ফুড ক’ৰ্ট। এটা মাল্টিপ্লেক্স পুলৱামাত আৰু আনটো শোপিয়ান জিলাত অৱস্থিত। চৰকাৰৰ এক বিজ্ঞপ্তি অনুসৰি অনাগত দিনত ডোডা, ৰাজৌৰী, পুঁচ, কিষ্টৱাৰ, অনন্তনাগ, শ্ৰীনগৰত এনে মাল্টিপ্লেক্স মুকলি কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More