তিনি দিন ধৰি কৃত্রিম বানত আৱদ্ধ মহানগৰীৰ জীৱন

0 14

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ প্ৰকৃতিৰ ৰোষত পৰিছে গুৱাহাটী মহানগৰী। মুষলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন। গুৱাহাটীৰ ভিন্ন প্ৰান্তত এতিয়াও কেৱল পানী আৰু পানী।কৃত্ৰিম বানক লৈ গুৱাহাটী মহানগৰত নাজল-নাথল অৱস্থা। নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীৰ বহু ঠাই জলমগ্ন হৈ পৰিছে।IMG 20220615 WA0034 তৃতীয় দিনাও কৃত্ৰিম বানৰ কবলত মহানগৰৰ বিভিন্ন অঞ্চল। গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ লোক তিনি দিনে জলবন্দী হৈ আছে।কৃত্ৰিম বানত বিকল হৈ পৰিছে বহুতৰে যান-বাহন। ইফালে মহানগৰৰ ৰাজপথ নৈলৈ পৰ্যবসিত হোৱাৰ ফলত গাড়ীৰ সলনি ৰাজপথত চলিছে কলৰ ভূঁৰ। এতিয়াও অপৰিৱৰ্তিত ৰুক্মিণীগাঁৱৰ বান পৰিস্থিতি। কলৰ ভূঁৰেৰে ইপাৰৰ পৰা সিপাৰলৈ বহুলোকক পাৰ কৰোৱা হৈছে। উল্লেখ যে প্ৰাকৃতিক দুৰ্যোগৰ বাবে আজিও মহানগৰত শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হৈছে। গুৱাহাটী বহু অঞ্চল আজিও জলমগ্ন হৈ আছে। ইফালে কৃত্রিম বানৰ বাবে বিভিন্ন এলেকাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰখাৰ ফলত ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পানীৰ মাজত আৱদ্ধ নাগৰিকে খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ইপিনে ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰবাসীক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান জনাই জিলা প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰিছে। আনহাতে ভূমিস্খলন প্ৰৱণ তথা জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰাৰ বাবে সকলোকে প্ৰশাসনৰ তৰফৰ পৰা আহ্বানো জনোৱা হৈছে। ইফালে নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। নুনমাটিত ঘৰৰ ওপৰত পাহাৰৰ মাটি খহি পৰাত চাৰিজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। সেইদৰে খাৰঘূলি, কামাখ্যা, কাহিলিপাৰা আদি বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More