তিনি বছৰত ৩.৯২ লাখ ভাৰতীয়ই এৰিলে দেশ

0 15
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুলাইঃ ১৯ জুলাই মঙলবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, যোৱা তিনি বছৰত ৩.৯২ লাখতকৈ অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। ইয়াৰ ভিতৰত প্ৰায় ১.৭০ লাখ লোকে আমেৰিকাৰ নাগৰিকত্ব লৈছে। তেওঁ লোকসভাক জনায় যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তেওঁলোকে ব্যক্তিগত কাৰণ দাঙি ধৰি নাগৰিকত্ব ত্যাগ কৰিছে। এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৯, ২০২০ আৰু ২০২১ চনত মুঠ ৩,৯২,৬৪৩ জন লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল। ইয়াৰে ১,৭০,৭৯৫ জনেই আমেৰিকাৰ নাগৰিকত্ব লৈছে। ৬৪,০৭১ জনে কানাডাৰ নাগৰিকত্ব লৈছিল। ৫৮,৩৯১ জন লোকে অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব, ৩৫,৪৩৫ জনে যুক্তৰাজ্যৰ, ১২,১৩১ জন লোকে ইটালীৰ নাগৰিকত্ব, ৮৮৮২ জন লোকে নিউজিলেণ্ডৰ নাগৰিকত্ব, ৭,০৪৬ জন লোকে ছিংগাপুৰৰ নাগৰিকত্ব, ৬৬৯০ জন লোকে জাৰ্মানীৰ নাগৰিকত্ব গ্ৰহণ কৰে। ৩৭৫৪ জন লোকে ছুইডেনৰ নাগৰিকত্ব লৈছিল। উল্লেখযোগ্যভাৱে ৪৮ জন লোকে পাকিস্তানৰ নাগৰিকত্ব লৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More