তিনি মাহৰ ভিতৰত চাকমা আৰু হাজঙক নাগৰিকত্ব দিয়াৰ পক্ষত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ

কেন্দ্ৰ- অৰুণাচল চৰকাৰলৈ নিৰ্দেশ

0 19

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে:

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে অৰুণাচল প্ৰদেশত বসবাস কৰি থকা চাকমা আৰু হাজং জনগোষ্ঠীৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু অৰুণাচল চৰকাৰক আহ্বান জনাইছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ১৯৯৬ আৰু ২০১৫ চনত এই জনগোষ্ঠী দুটাৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ ভাৰত চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল।WhatsApp Image 2022 04 05 at 3.37.51 PM 1 1
বৌদ্ধ ধৰ্মাৱলম্বী চাকমা আৰু হিন্দু ধৰ্মাৱলম্বী হাজং সকল ইয়াৰ পূৰ্বে তেতিয়াৰ পূব পাকিস্তানৰ ছিটাগং পাহাৰীয়া অঞ্চলত বসবাস কৰিছিল। কিন্তু ধৰ্ম বিৰোধ আৰু ছিটাগং অঞ্চলত নিৰ্মাণ কৰা কাপটাই নদী বান্ধৰ বাবে উচ্ছেদিত হৈ এই দুয়োটা জনগোষ্ঠীৰ কিছু সংখ্যক লোক ১৯৬০ দশকৰ মাজভাগত মিজোৰাম হৈ ভাৰতত প্ৰৱেশ কৰিছিল। ভাৰত চৰকাৰে মানৱীয়তাৰ স্বাৰ্থত তেওঁলোকক তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশত সংস্থাপিত কৰিছিল। ‘এছিয়ান চেণ্টাৰ ফৰ হিউমেন ৰাইটছ’ নামৰ সংস্থাটোৱে ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ উদ্ধৃতিৰে অৰুণাচল প্ৰদেশত চাকমা আৰু হাজং জনগোষ্ঠীৰ জনসংখ্যা ৪৭,৪৭১ বুলি উল্লেখ কৰিছে যদিও বৰ্তমান এওঁলোকৰ জনসংখ্যা লক্ষাধিক হ’ব বুলি অনুমান কৰা হৈছে। অৰুণাচল প্ৰদেশৰ পাপুমপাৰে, নামচাই, লোহিত আৰু চাংলাং জিলাতেই প্ৰধানকৈ এই জনগোষ্ঠী দুটাই বৰ্তমান বসবাস কৰি আছে। ১৯৯০ দশকৰে পৰা সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই কিন্তু এইসকল লোকক ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ দাবীত কেইবালানিও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। ১৯৯৬ আৰু ২০১৫ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশ যোগে ভাৰত চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰক এই জনগোষ্ঠী দুটাক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু দুয়োখন চৰকাৰেই আজিলৈকে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত চাকমা এণ্ড হাজং এলডাৰছ ফ’ৰাম অৱ অৰুণাচল প্ৰদেশ আৰু চাকমা ডেভলেপমেণ্ট ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া সংগঠন দুটাই শেহতীয়াকৈ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে। এই অভিযোগৰ ভিত্তিতেই যোৱা শুকুৰবাৰে আয়োগে কেন্দ্ৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰক তিনিমাহৰ ভিতৰত নাগৰিকত্বৰ বিষয়টো সমাধান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। লগতে জনগোষ্ঠী দুটাৰ লোকসকলৰ জীৱনৰ নিৰাপত্তা আৰু স্বাধীনতাক সুৰক্ষা প্ৰদানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ দুখনক সোঁৱৰাই দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More