তিয়ঁহ কেনেকৈ খায় ?

0 37

তীব্ৰ গৰমৰ পৰা সকাহ পাবলৈ আপুনি তিয়ঁহ cucumber খাই নেকি? হয় শৰীৰৰ শীতলতাৰ বাবে তিয়ঁহ খাব লাগে। অতিৰিক্ত তিয়ঁহ কিন্তু স্বাস্থ্যৰ বাবে হানিকাৰক। বৰ্তমান বজাৰত তিয়ঁহৰ চাহিদা আকাশলংঘী। তিয়ঁহৰ এটা ভাল উপকাৰ হ’ল যে ই পেটত থকা অন্যান্য খাদ্য অতি সহজে হজম কৰাত সহায় কৰে, কিন্তু নিজে সহজে হজম নহয়। সেয়েহে নিশাৰ ভাগত তিয়ঁহ খোৱা উচিত নহয়।অত্যন্ত যদি আপুনি খাব খোজে তেন্তে আন খাদ্য খোৱাৰ পিছতহে খাব পাৰে।
কিছু নিয়মৰ আওতাত তিয়ঁহ খালে অপকাৰৰ সম্ভাৱনা কমি যায়।তিয়ঁহ খোৱাৰ আগত ভালদৰে বাকলি গুচাই পৰিস্কাৰকৈ ধুই লওক। যিহেতু তিয়ঁহ উৎপাদনকাৰীয়ে গছত তিয়ঁহ থকাৰ অৱস্থাতে অপকাৰী পতংগৰ পৰা ৰক্ষা কৰিবলৈ তিয়হৰ ওপৰত এটি পাতল মমৰ প্ৰলেপ দি ৰাখে।বাকলি নুগুচোৱাকৈ খালে সেই বিষাক্ত দ্ৰৱ্য আপোনাৰ পেটলৈ যাব পাৰে। কিছু নিয়ম মানি তিয়ঁহ খালে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।

কেঁচা তিয়ঁহ খালে বহুতৰে গেছৰ সমস্যা হয়। তেনেকুৱা হ’লে তিয়ঁহ চুপি বা পিহি খাব পাৰে।

তিয়ঁহত কিউকাৰবিটাচিন্স নামৰ এবিধ উপাদান থাকে যি ভিটামিন চি’ৰে ভৰপূৰ। অতিৰিক্ত তিয়ঁহ খালে হিতে বিপৰীত হৈ এন্টিঅক্সিডেন্ট গুণ ব্যাহত হ’ব পাৰে।

তিয়ঁহত থকা অতিৰিক্ত পটেছিয়ামে দুৰ্বল কিডনীৰ ওপৰত চাপ পেলাব পাৰে। সেয়েহে কিডনীৰ অসুখ থাকিলে তিয়ঁহ অধিক খাব নেলাগে।

কাৰোবাৰ অতিৰিক্ত পানী সেৱনৰ বাধা থাকিলে তিয়ঁহ খাব নেলাগে। কাৰণ তিয়ঁহৰ অতিৰিক্ত ৰসাল অংশই হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি কৰিব পাৰে।

তিয়ঁহে আমাৰ শৰীৰ শীতল কৰিলেও চাইনাচৰ সমস্যা থকা লোকৰ বাবে ভয়ানক হৈ উঠে। সেয়ে তিয়ঁহ খালে দিনৰ ভাগতহে খাব লাগে তাকো কম পৰিমাণেহে।

 

মু ভূ ফু

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More