তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পৰীক্ষাৰ দিন ঘোষণা

0 17
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষা ‌‌অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হয়। বৈঠকত মুখ্যমন্ত্রীয়ে চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ দিন ৭ আগষ্ট আৰু চালক নিযুক্তিক বাদ দি তৃতীয় শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে ২১ আগষ্ট দিনটো ধাৰ্য্য কৰা নিৰ্দেশনা প্ৰদান কৰে। উল্লেখ যে তৃতীয় শ্ৰেণীৰ শাখাৰ অন্তৰ্গত চালকৰ পদৰ বাবে নিযুক্তি পৰীক্ষা পৃথকে অনুষ্ঠিত হ’ব আৰু যিটো অতি সোনকালে ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ যে তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে মুঠ ৬,৭১,৮০৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা ৪,৪৩,৬৫৫ গৰাকী। মুখ্যমন্ত্রীয়ে প্ৰতিগৰাকী আবেদনকাৰীক আশ্বস্ত কৰি কয় যে চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো অতি স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰিব। পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ মুখ্যমন্ত্রীয়ে শুভেচ্ছা জ্ঞাপন কৰে। ইফালে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আন এক বৈঠকত অংশ গ্ৰহণ কৰে। বৈঠকত অৰুণোদয় মাহ উদযাপন সম্বন্ধীয় বিভিন্ন দিশ আলোচনা কৰা হয়। এই অৰুণোদয় মাহ উদযাপনৰ সময়ছোৱাত পুনৰীক্ষণ দলে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ আঁচনিখনৰ সন্দৰ্ভত জৰীপ কাৰ্য চলাব। অসমৰ ইতিহাসৰ সবাতোকৈ বৃহত্তম প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিখন সকলো প্ৰকাৰে সফল কৰি জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি বৈঠকত মুখ্যমন্ত্রীয়ে সদৰি কৰে। এই বৈঠকত মন্ত্ৰী অজন্তা নেওগৰ উপৰি শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More