তেজপুৰত অগপৰ বিশেষ কৰ্মী সন্মিলন

মূল শত্ৰু কংগ্ৰেছৰ ২৯শতাংশ ভোট দখলৰ পৰিকল্পনাঃৰাহুল গান্ধী সন্দৰ্ভত মন্তব্য অগপ সভাপতি বৰা আৰু কাৰ্যকৰী সভাপতি মহন্ত

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬মাৰ্চঃ আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ৰাজ্যৰ সহযোগী শাসকীয় অগপৰ গণ ভিত্তি বৃদ্ধিৰ লগতে দলৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তুলি সৰ্বস্তৰৰ নেতা-কৰ্মীক অধিক সজাগ আৰু সক্ৰিয় কৰি তুলিবলৈ দলৰ কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ কৰা ইতিবাচক পদক্ষেপ সমূহৰ অন্যতম “বিশেষ কৰ্মী সন্মিলন” আজি অনুষ্ঠিত হয় তেজপুৰত৷তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা আৰু সমূহ বিধান পৰিষদ, আঞ্চলিক পৰিষদ, সমূহ ভাতৃ আৰু ভগ্নী সংগঠনৰ সভাপতি-সম্পাদক আৰু দলীয় প্ৰতিনিধিৰ অংশগ্ৰহণেৰে তেজপুৰ মাজগাঁওস্হিত হিলবিলি ভৱনত অনুষ্ঠিত “বিশেষ কৰ্মী সন্মিলন”ত অংশগ্ৰহণ কৰি দলৰ সভাপতি অতুল বৰাই কয় যে, ৮৫৫ জন ছহিদৰ আত্মবলিদানৰ ফলস্বৰূপে গঠিত অসম গণ পৰিষদ দলে পিছলৈ বিভিন্ন বিপৰ্যয়ৰ সন্মুখীন হৈছিল যদিও পুনৰবাৰ মিত্ৰজোঁটৰ অংশীদাৰ হৈ দলটোৱে আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি লোকসভা সমষ্টি ভিত্তিত এনেদৰে “বিশেষ কৰ্মী সন্মিলন”ৰ জৰিয়তে দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কাষ চপাৰ লগতে তেওঁলোকৰ মনোভাৱ বুজি দলটোক অধিক তৰান্বিত কৰাৰ লক্ষ্য আগত লৈছে৷” তেওঁ “কংগ্ৰেছ আমাৰ মূল শত্ৰু৷ বন্ধু হ’ব নোৱাৰে” বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অগপৰ সভাপতি বৰাই কংগ্ৰেছৰ ২৯শতাংশ ভোটবেংক তথা আসন দখল কৰিব লাগিব বুলিও উল্লেখ কৰে৷ IMG 20230326 WA0131তেওঁ কয় “আসনৰ কথা পিছত আহিব৷ এতিয়া মাথোন আমি জনসংযোগ বৃদ্ধি কৰাৰতহে গুৰুত্ব দিছো৷” অগপ সভাপতি বৰাই আৰু কয় যে, আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰজোঁটত আছো, গতিকে আসনৰ কথা পিছত পাতি ঠিক কৰি লম৷ ইফালে, আগন্তুক নিৰ্বাচনত মূল লক্ষ্য কংগ্ৰেছ বুলি উল্লেখ কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সভাপতিৰ সুৰতে সুৰ মিলাই মিত্ৰজোঁটত থকাৰ ফলত কংগ্ৰেছক পৰাভূত কৰটোৱেই মূল লক্ষ্য বুলি সদৰি কৰে৷ আনহাতে, তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাই দলটোৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ সুৰতে সুৰ মিলাই আজি তেজপুৰত অনুষ্ঠিত “বিশেষ কৰ্মী সন্মিলন”ত মিত্ৰজোঁটৰ অংশীদাৰিত্ব হৈ কিদৰে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেই সম্পৰ্কে সফল আলোচনা হোৱা বুলি উল্লেখ কৰে৷

ৰাহুল গান্ধী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ

“ৰাহুল গান্ধী অত্যন্ত অহংকাৰী৷ গান্ধী পৰিয়ালৰ সদস্য হিচাপে যি অহংকাৰ সেয়া শুভলক্ষণ নহয়৷ দলৰ সভাপতি নহলেও কংগ্ৰেছীৰ দৃষ্টিত ৰাহুলেই নেতা৷ নহলেনো ৰাস্তাই-পদূলিয়ে টেটু ফালি কংগ্ৰেছীয়ে চিঞৰ-বাখৰ কৰেনে বুলি প্ৰশ্নৰ অবতাৰণা কৰি আজি তেজপুৰত অগপ সভাপতি বৰাই কয় যে, কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অপশাসনৰ সোৱাদ দেশ তথা অসমবাসীয়ে পাইছে৷ গতিকে কংগ্ৰেছ পুনৰাই ক্ষমতালৈ নাহে৷ আনহাতে,অগপৰ কাৰ্যকৰী সভাপতি মহন্তই ৰাহুল গান্ধী প্ৰসংগত কয় “সম্প্ৰতি যি অব্যাহত আছে, সেয়া আইনৰ যুঁজ৷ গতিকে আমাৰ ক’বলগীয়া নাই৷” মহন্তই পুনৰ কয় – “ৰাহুল গান্ধীক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰাটো স্বাভাৱিক৷ ৰাহুল গান্ধীক প্ৰতিষ্ঠা কৰিবলৈ দলটো যিদৰে উঠিপৰি লাগিছে, তেনেস্হলত দলটোৱে নিজকে সংশোধন কৰাৰহে সময় আহি পৰিছে৷”

চোৱাইন ফ্লু আৰু কৃষি সন্দৰ্ভত প্ৰতিক্ৰিয়া পশুপালন আৰু কৃষি মন্ত্ৰীৰ

আনহাতে,আফ্ৰিকান চোৱাইন ফ্লুকলৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি কয় ৰাজ্যৰ কৃষিমন্ত্ৰী বৰাই৷ ৰাজ্যত কিছু বছৰৰ পূৰ্বে চোৱাইন ফ্লু হৈছিল যদিও সম্প্ৰতি ই নিয়ন্ত্ৰণাধীন বুলি প্ৰকাশ কৰি তেওঁ লগতে কয় যে, দেশৰ আন ২১ খন ৰাজ্যত শেহতীয়াকৈ চোৱাইনফ্লু দেখা দিয়াৰ ফলতে ৰাজ্যলৈ গাহৰিৰ আমদানি বন্ধ কৰাৰ লগতে এভিয়েন ইনফ্লুয়েঞ্জা বিহাৰ-ঝাৰখণ্ডত দেখা দিয়াৰ ফলত সাৱধানতামূলকভাৱে ব্ৰইলাৰ অনাটো বন্ধ কৰা হৈছে৷ উল্লেখ্য যে, আজি এই সন্মিলনতে কেবাটাও জাতীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে সভাপতি অতুল বৰাৰ উপস্হিতিত অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More