তেজপুৰত অগ্নিকাণ্ড:তিনিখন দোকান ভস্মীভূত

0 9

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬মে’: তেজপুৰৰ নপাম চেন্টাৰত যোৱা নিশা প্ৰায় ২-৩০ৰ পৰা তিনিবজাৰ ভিতৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিনিখন দোকান ভস্মীভূত হয় । উল্লেখযোগ্য যে,ব্যৱসায়িক অঞ্চলটোত থকা খোকন ঘোষৰ খাদ্য সামগ্ৰীৰ তেওঁৰ ভ্ৰাতৃ ৰতন ঘোষৰ ষ্টেচনাৰী আৰু কনক গগৈৰ চাহ হোটেলসহ তিনিওখন দোকান এই অগ্নিকাণ্ডত ভস্মীভূত হয় আৰু ইয়াৰে ভিতৰত গগৈৰ হোটেলখনেই সম্পূৰ্ণ ৰূপে জাহ যায় । নিশা দপদপাই দোকান তিনিখন জলি উঠাত কাষৰীয়া ৰাইজৰ মাজত হুৱাদুৱা লাগে আৰু লগে লগে ওলাই অহা লোকসকলে তৎপৰতাৰে এই অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা চলায় । ৰাইজৰ এনে তৎপৰতাৰ বাবেই অগ্নিয়ে আৰু অধিক ক্ষতি কৰিব নোৱাৰিলে । আনহাতে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীকো খবৰ দিয়া হৈছিল যদিও বাহিনীৰ দুখন গাড়ী কিছু পলমকৈ ঘটনাস্থলীত উপস্থিত হয়গৈ যদিও ইতিমধ্যে ৰাইজেই যথেষ্টখানি অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে সম্পূৰ্ণৰূপে এই অগ্নি নিৰ্বাপন কৰে । অগ্নিকাণ্ডত খাদ্য সামগ্ৰীৰ দোকানখনৰ যথেষ্ট পৰিমানৰ সামগ্ৰী জাহ যোৱাৰ লগতে ষ্টেচনাৰী দোকানখনৰো যথেষ্ট ক্ষতি হয় । অগ্নিকাণ্ডৰ কাৰণ এইপৰ্যন্ত নিৰ্ণয় কৰিব পৰা হোৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More