তেজপুৰত অগ্নিকাণ্ড:তিনিটা বাসগৃহ ভস্মীভূত

0 19

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২নৱেম্বৰ: তেজপুৰৰ পলফিল্ড বামুণগাঁৱত আজি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মীভূত হয়৷ঘটনাৰ বিবৰণী অনুসৰি অঞ্চলটোৰ মীৰা তালুকদাৰৰ বাসগৃহত এই ঘটনাৰ সূত্ৰপাত হয়৷উল্লেখযোগ্য যে,নিশা প্ৰায় ৮-১০বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত তালুকদাৰৰ ৰান্ধনী গৃহৰ এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হয় আৰু ইয়াৰ পাছতে কাষৰ আন তিনিটা বাসগৃহলৈও অগ্নি বিয়পি পৰে৷ ঘন জনবসতিপূৰ্ণ অঞ্চলটোত এই ঘটনাত এক হুৱাদুৱা লগা পৰিস্থিতিৰ উদ্ভৱ হয়৷পাছত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে তিনিটা বাসগৃহ বিধ্বংসী অগ্নিত জাহ যায়৷এই ঘটনাত ক্ষয়ক্ষতিৰ পৰিমাণ এই পৰ্যন্ত ঠাৱৰ কৰিব পৰা হোৱা নাই যদিও পৰিয়াল তিনিটা যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More