তেজপুৰত অনাথ আশ্ৰমৰ নামত ধন সংগ্ৰহ প্ৰৱঞ্চকৰ

আৰক্ষীক অৱগত কৰিবলৈ আহ্বান

0 17

 শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০ছেপ্টেম্বৰ: তেজপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত এইবাৰ অনাথ আশ্ৰমৰ নাম লৈ তিনি মহিলাই আৰম্ভ কৰিছে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ৷ উল্লেখযোগ্য যে,অচিনাক্ত তিনি মহিলাৰ এনে অপকাণ্ডৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত বহুসংখ্যক লোকে মন্তব্য প্ৰকাশ কৰিছে৷উল্লেখযোগ্য যে,তেজপুৰৰ কেতেকীবাৰীৰ নৱপ্ৰভাত অনাথ আশ্ৰমৰ নামত আভূৱাভাৰি ধন সংগ্ৰহ কৰি থকা এই তিনিগৰাকী অচিনাক্ত মহিলাই পুনৰ কোনো মানুহৰ ঘৰত আশ্ৰমখনৰ নামত ধন সংগ্ৰহ কৰিবলৈ গ’লেই এই বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে অনাথ আশ্ৰমখনৰ পৰিচালিকা তৃঞ্চামণি লস্কৰে৷ উল্লেখযোগ্য যে,প্ৰয়াত সাংবাদিক বিদ্যুত শইকীয়াই ঐকান্তিক প্ৰচেষ্টাৰে স্হাপন কৰা এইখন অনাথ আশ্ৰম শইকীয়াৰ বিয়োগৰ পাছত তেওঁৰ সহধৰ্ম্মিণী তৃষ্ণা মণি লস্কৰে চলাই নিছে একাংশ হৃদয়বান লোকৰ সহযোগিতাত৷ ইয়াৰ অবাসীসকলক শিক্ষা,সংস্কৃতিকে ধৰি বিভিন্ন দিশত আগবঢ়াই নিয়াৰ বাবে প্ৰয়াস অব্যাহত ৰখাৰ লগতে আশ্ৰমখনৰে বিবাহোপযুক্ত একাধিক যুৱতীৰ ইতিমধ্যে বিয়াও সম্পন্ন হৈ গৈছে৷এইখন আশ্ৰমৰ বাবে এনেদৰে সম্প্ৰতি তিনি অচিনাক্ত মহিলাই ধন সংগ্ৰহত নামি পৰাৰ বিষয়ে আজি পুৱা জানিব পাৰে আশ্ৰমখনৰ পৰিচালিকা তথা তত্বাবধায়ক তৃষ্ণা মণিয়ে ৷ ক’লা বৰণৰ আৰু সেন্দুৰ লোৱা তথা ছুইজাৰ পৰিহিত এই তিনিগৰাকী মহিলাৰ আশ্ৰমখনৰে কোনোধৰণৰ সম্পৰ্ক নাই আৰু আশ্ৰমৰ পৰা কেতিয়াও এনেদৰে ধন সংগ্ৰহ কৰা হোৱা নাই৷ আজি পুৱা এই প্ৰৱঞ্চনাৰ বিষয়ে জানিব পাৰিয়েই তৃষ্ণা মণিয়ে বিষয়টো ৰাজহুৱা কৰাৰ লগতে ৰাইজলৈ আহ্বান জনাই যে,এই প্ৰৱঞ্চক দলটোৱে কোনো লোকৰ ঘৰত অনাথ আশ্ৰমৰ নামত ধন সংগ্ৰহ কৰিবলৈ প্ৰৱেশ কৰিলেই যাতে আৰক্ষীক অৱগত কৰে৷ উল্লেখযোগ্য যে,এইবিষয়টো ৰাজহুৱা হোৱাৰ লগে লগে কেবাজনো ব্যক্তিয়ে তেওঁলোকৰ বাসগৃহলৈ অনাথ আশ্ৰমখনৰ নামত ধন সংগ্ৰহ কৰিবলৈ এই তিনিগৰাকী অচিনাক্ত মহিলা যোৱা আৰু ধন নিদিলে গৃহস্থক গালিগালাজ পৰাৰ বিষয়ে প্ৰকাশ কৰিছে৷ এখন অনাথ আশ্ৰমৰ নামত এনেদৰে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰা ঘটনাকলৈ বহুসংখ্যক লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে এনে দুস্কাৰ্যক গৰিহণা দি এই প্ৰৱঞ্চক দলটোক পালেই আৰক্ষীক গতাই দিব বুলিও মন্তব্য কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More