তেজপুৰত অবৈধ বালি খনন:যন্ত্ৰ জব্দ

0 22

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০ছেপ্টেম্বৰ: তেজপুৰত অবৈধভাবে বালিখননৰ বিষয়ে প্ৰতিক্ৰিয়া তথা চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিয়লি বনবিভাগে এনে অবৈধ বালি খননৰ বিৰুদ্ধে এক অভিযান চলাই এটা যন্ত্ৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ মৰাভৰলীত এই পাম্পৰ সহায়ত অবৈধভাবে বালি খনন চলাই থকাৰ বিষয়ে জানিব পাৰি শোণিতপুৰ পশ্চিম বনসংমণ্ডলৰ বিষয়াৰ নিৰ্দেশত এই অভিযান চলাই তেজপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে৷ বিয়লি প্ৰায় পাঁচ বজাত চলা এই অভিযানৰ সময়ত অবৈধ বালি খননৰে জড়িত সকলে পলায়ন কৰে যদিও খননত ব্যৱহাৰ হোৱা যন্ত্ৰটো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More