তেজপুৰত অমৃত সৰোবৰ জোখমাখ কৰিবলৈ যোৱা পঞ্চায়তকৰ্মী কোনোমতেহে ৰক্ষা পৰিল

0 32

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ তেজপুৰৰ ভালুকঝাৰণি অঞ্চলত চৰকাৰী আঁচনিৰ অধীনত পুখুৰীৰ বাবে প্ৰয়োজনীয় মাটি চিহ্নিত কৰিবলৈ যোৱা দুজন পঞ্চায়ত কৰ্মীক শতাধিক লোকে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । উল্লেখযোগ্য যে, শোণিতপুৰৰ তেজপুৰ বিধানসভা সমষ্টি অন্তৰ্গত তথা বালিপৰা উন্নয়ন খণ্ডৰ অধীনত শেহতীয়াকৈ চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত পুখুৰী খননৰ বাবে স্থান নিৰ্ণয়ৰ কাম আৰম্ভ হৈছে । এই আঁচনিখনৰ বিষয়ে প্ৰকৃততে এইপৰ্যন্ত সৰ্বসাধাৰণে কোনো কথাই জনা নাই । তদুপৰি ৰাজ্যৰ উন্নয়ন খণ্ড সমূহলৈ আঁচনিখনৰ সন্দৰ্ভত এক নিৰ্দেশনা আহিলেও ইয়াৰ বিপৰীতে কিমান পৰিমাণৰ ধন আবন্টিত হ’ব সেয়াও স্পষ্ট হোৱা নাই । কিন্তু এই আঁচনিৰ অধীনত এটা পুখুৰী খননৰ বাবে এক হেক্টৰ ভূমিৰ প্ৰয়োজন । ৰাজ্যৰ উন্নয়ন খণ্ড সমূহৰ দৰেই বালিপৰা উন্নয়ন খণ্ডয়ো চৰকাৰী নিৰ্দেশনা লাভ কৰাৰ পাছত কেইদিনমান পূৰ্বে বালিপৰা খণ্ড উন্নয়ন বিষয়াগৰাকী ভালুকঝাৰণিত উপস্থিত হয়গৈ আৰু ইয়াতে থকা চৰকাৰী ভূমিত তেওঁ আঁচনিখনৰ বাবে প্ৰয়োজনীয় আলোকচিত্ৰ উঠি আহে । এই কাৰ্য প্ৰত্যক্ষ কৰা স্থানীয় আদিবাসী লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হয় । এনে অৱস্থাতে কালি দুপৰীয়া দুজন পঞ্চায়ত কৰ্মী সেই স্থানত উপস্থিত হয়গৈ জিঅ’ টেগিং ব্যৱস্থাৰ বাবে । এই দুজন কৰ্মী সেই স্থানৰ কাষত উপস্থিত হোৱাৰ লগে লগেই অঞ্চলটোৰ শতাধিক লোকে চোকা অস্ত্ৰ, যাঠি জোং লৈ ওলাই আহি পঞ্চায়ত কৰ্মী দুজনক আক্ৰমণ কৰিবলৈ উদ্যত হয় । পৰিস্থিতি বিষম দেখি শংকিত কৰ্মচাৰী দুজনে উত্তেজিত লোকসকলক বুজাবলৈ চেষ্টা কৰে য’দিও এইসকল লোকে তেওঁঁলোকক কোনোধৰণৰ চৰকাৰী আঁচনিৰ প্ৰয়োজন নাই আৰু এই আঁচনিৰ দ্বাৰা আদিবাসী লোকসকলক উচ্ছেদৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে । উল্লেখযোগ্য যে,অঞ্চলটোত থকা কেবাবিঘা চৰকাৰী ভূমি স্থানীয় লোকসকলে ব্যৱহাৰ কৰি আহিছে আৰু ইয়াত এনেদৰে শেহতীয়াকৈ জোখমাখ কৰাত তেওঁলোক ক্ষুন্ন হৈ আছে । ইয়াৰ মাজতে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে আন এজন সহকৰ্মীৰ স’তে সেই স্থানত উপস্থিত হোৱা আৰু কালি পুনৰ একেস্থানতে জিঅ’টেগ কৰিবলৈ লোৱাত স্থানীয় ক্ষুব্ধ লোকসকল উত্তেজিত ভাবে এনে কাৰ্যত বাধা দিবলৈ ওলাই আহে । প্ৰাণৰ আশংকাত ভোগা কৰ্মচাৰী দুজনে কথমপি পৰিস্থিতিৰে মোকাবিলা কৰি পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পূৰ্বে সেই স্থানৰ পৰা আঁতৰি আহিবলৈ সক্ষম হয় । একোখন চৰকাৰী আঁচনিৰ বিষয়ে সৰ্বসাধাৰণে কোনো কথা নজনাকৈয়ে আৰম্ভ কৰা কাৰ্যই কেনে বিৰূপ পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰে তাৰে উদাহৰণ কালিৰ ঘটনা বুলিও আজি স্থানীয় একাংশ সচেতন লোকে মন্তব্য কৰিছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More