শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১০ জানুৱাৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিশ্যনৰ শোণিতপুৰ জিলাৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা “অসমী ভোগালী মেলা – ২০২৩” সন্ধিয়া ফিটা কাটি শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।শোণিতপুৰ জিলাৰ সাতটা উন্নয়ন খণ্ডৰ অধীনস্থ ৩০ টাকৈ আত্ম সহায়ক গোটে নিজা নিজা উৎপাদন সামগ্ৰীৰ সমাহাৰেৰে আয়োজন কৰা এই “অসমী ভোগালী মেলা”ত বিহুৰ বিভিন্ন জলপান, পিঠা-পনা, লাড়ু, সান্দহ, বৰা চাউল, জহাচাউলৰ পৰা বিভিন্ন খাদ্য সামগ্ৰীৰ উপৰি আত্ম সহায়ক গোট সমূহৰ শিপিনীসকলে তাঁতশালত তৈয়াৰ কৰা আকৰ্ষণীয় চাদৰ মেখেলা, গামোচাকে ধৰি ঘৰুৱা ব্যৱহৃত বিভিন্ন সামগ্ৰীৰ সমাহাৰ ঘটাত আজি শুভাৰম্ভণি দিনটোতে যথেষ্ট ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণৰ লগতে গ্ৰামীণ জীৱিকা অভিযানৰ একাংশ বিষয়া – কৰ্মচাৰীৰ আৰু স্হানীয় বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই জিলাখনৰ আত্মসহায়ক গোট সমূহে আৰ্থিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰি ৰাইজৰ চাহিদা অনুসৰি বৰ্তমানৰ সাজ সজ্জাৰ ওপৰত গুৰুত্ব দি উৎপাদন কৰিলে আৰু অধিক বিক্ৰীৰে আৰ্থিক ক্ষেত্ৰত উপকৃত হ’ব বুলি মন্তব্য কৰে।উল্লেখ্য যে, বিধায়ক গৰাকীয়ে সকলো বিপণি পৰ্যবেক্ষণ কৰি সকলো আত্মসহায়ক গোটৰ সদস্য – সদস্যা সকলক উদ্বুদ্ধ কৰে ।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.