তেজপুৰত অসম ক্ৰিকেট সন্হাৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত

0 10

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০আগষ্ট: তেজপুৰৰ বটামাৰীস্হিত কনভেনচন চেন্টাৰত অসম ক্ৰিকেট সন্হাৰ এখন বিশেষ সাধাৰণ সভা আজি অনুষ্ঠিত হয়৷ তেজপুৰ ক্ৰিকেট সন্হাৰ ব্যৱস্থাপনাত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত অসম ক্ৰিকেট সন্হাৰ সভাপতি ৰমেন দত্ত উপস্থিত আছিল৷ উল্লেখযোগ্য যে, বৰ্তমানৰ অসম ক্ৰিকেট সন্হাৰ কাৰ্যকাল ছেপ্তেম্বৰত অন্ত পৰিব আৰু আজিৰ সভাত এই কাৰ্যকাল পুনৰ ছয়মাহ বৃদ্ধিৰ বাবে ক্ৰিকেট সন্হাৰ সদস্য সকলৰ অনুমতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তদুপৰি এই গুৰুত্বপূৰ্ণ সভাখনতে আগন্তুক বৰ্ষত ৰাজ্যিক ক্ৰিকেট দল সমূহৰ প্ৰশিক্ষক নিয়োগ আৰু কাৰিকৰি বিষয়া নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷ তদুপৰি,অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০খেলখনৰ বিষয়েও বিষদ আলোচনা কৰা হয়৷ আনহাতে এই সভাত উপস্হিত থাকি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অসম ক্ৰিকেট সন্হাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ হাতত ষ্টেডিয়াম নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ৩০বিঘা মাটিৰ অনুমোদন পত্ৰ প্ৰদান কৰে৷ আজিৰ সভাত ৰাজ্যখনৰ প্ৰায়সংখ্যক জিলা ক্ৰিকেট সন্হাৰ বিষয়ববীয়া সকল উপস্থিত আছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More