তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবলৈ মনস্থ

স্বৰ্ণপীঠ মণ্ডলৰ নাট প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ শিশু শিল্পী কংকনা দাসক অভিনন্দন

0 23

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ , ৯ জানুৱাৰী : অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনখনি তেজপুৰত অনুষ্ঠিত কৰিবৰ বাবে তেজপুৰৰ ৰাইজে মনস্হ কৰিছে। ৰাইজৰ এই আশাৰ প্ৰতি লক্ষ্য ৰাখি কালি অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাই তেজপুৰ সাহিত্য সভা ভৱনত এখন বিশেষ সভাৰ অনুষ্ঠিত কৰে। মূলত তেজপুৰৰ বিভিন্ন অনুষ্ঠান – ব্যক্তিৰ মতামত গ্ৰহণ কৰিবৰ বাবে শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সভাখনৰ আৰম্ভণিতে নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ মাণ্ডলিক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ শিশু শিল্পীৰ পুৰস্কাৰ প্ৰাপ্ত শিশু কংকনা দাসক অভিনন্দন জ্ঞাপন কৰে।এই নাটকত অংশ লোৱা শিল্পী সকলক একোখনকৈ গামোচাৰেও আদৰণি জনোৱা হয় সভাখনিত। সভাত উপস্হিত থকা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ত্ৰৈলোক্য মোহন নাথকো এখনি গামোচাৰে সম্ভাষণ জনোৱা হয় । সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি মৃগেন চন্দ্ৰ বড়া আৰু তেজপুৰ শাখাৰ সম্পাদক জিণ্টু বৰঠাকুৰে আঁত ধৰা সভাখনিত সন্মিলনৰ আজীৱন সভ্য তথা তেজপুৰ সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক দ্বীজেন নাথ, জিলা সভাপতি ত্ৰৈলোক্য মোহন নাথ, বিহগুৰি শাখাৰ সম্পাদক গনেশ দাস, অ,ভা,উ,সাৰ সম্পাদক শান্তনু বৰুৱা,সন্মিলনৰ মধ্য তেজপুৰ মাজগাঁও শাখাৰ সভাপতি অৰুণ শৰ্মা, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অপূৰ্ব বৰা,নাট্যকাৰ নিৰু নেওঁগ বৰা,বিহগুৰি শাখাৰ সম্পাদক দিব্যজ্যোতি নাথ, সন্মিলনৰ আজীৱন সভ্য তথা উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস প্ৰমুখ্যে কেইবাজনো সদস্যই সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন খনি তেজপুৰত অনুষ্ঠিত কৰাৰ বাবে সহমত প্ৰকাশ কৰে আৰু আগন্তক বৰপেটা ৰোড অধিবেশনত আনুষ্ঠানিক ভাৱে নিমন্ত্ৰণ জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । সভাত যোৱা ১৯৯২ চনত তেজপুৰত অনুষ্ঠিত হৈ যোৱা ৩২ তম্ অধিবেশনৰ স্মৃতি ৰোমন্থন কৰে দ্বীজেন নাথ আৰু মৃগেন চন্দ্ৰ বড়াই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More