তেজপুৰত আজিৰে পৰা তিনিদিনীয়াকৈ ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা
অনুষ্ঠিত হ'ব ৰাজ্যিক ৰেফাৰীৰ পৰীক্ষা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগণত ১৯-২১ আগষ্টলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “২৫ সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাজ্যিক যোগ ক্ৰীড়া – ২০২২” প্ৰতিযোগিতা । উল্লেখ্য যে, অসম অলিম্পিক সন্থা আৰু যোগ ফেডাৰেছন অব ইণ্ডিয়াৰ অধীনস্থ অসম যোগ সন্হাৰ এই বিশেষ প্ৰতিযোগিতা এইবাৰ শোণিতপুৰ যোগ সন্থাৰ উদ্যোগত তেজপুৰত অনুষ্ঠিত হ’ব৷ কাইলৈ পুৱা বাণ থিয়েটাৰ প্ৰাংগণত ৰাজ্যিক সন্হা আৰু জিলা সন্হাৰ পতাকা আনুষ্ঠানিকভাৱে ভাবে ৰাজ্যিক সন্হাৰ সভাপতি তপন কুমাৰ দাস আৰু শোণিতপুৰ জিলা সন্হাৰ সভাপতি নীলকান্ত শৰ্মাই উত্তোলন কৰাৰ পিছত প্ৰতিযোগিতাৰ মূল মঞ্চ প্ৰয়াত হেমন্ত কুমাৰ বৰুৱা আৰু সমাজকৰ্মী জীৱন চন্দ্র শৰ্মাৰ নামত উচৰ্গা কৰা হ’ব। কাইলৈ পুৱা ১০ বজাৰ উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক সন্হাৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰিব। ইয়াৰ পিছতেই কাইলৈ দিনৰ এক বজাৰ পৰা ৮ আৰু ১০ বছৰৰ ল’ৰা – ছোৱালীৰ যোগাসন প্ৰতিযোগিতা আৰম্ভ হ’ব। কাইলৈৰ দিনটোতে ১০ আৰু ১২ বছৰৰ ল’ৰা – ছোৱালীৰ প্ৰতিযোগিতাৰ লগতে বিয়লি চাৰি বজাৰ পৰা ছয় বজালৈ বৃত্তিগত মহিলাৰ যোগাসন প্ৰতিযোগিতা আৰু ১২ – ১৪ বছৰ ল’ৰা – ছোৱালীৰ আৰু সন্ধিয়া ৬.৩০ বজাৰ পৰা নিশা ৮.৩০ বজালৈ ১৪ – ১৬ বছৰৰ ল’ৰা – ছোৱালীৰ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰথম দিনটোতে অসম ৰাজ্যিক যোগ ৰেফাৰী আৰু যোগ ৰেফাৰী আপ গ্ৰেডেশ্যন পৰীক্ষাও অনুষ্ঠিত হ’ব।সেইদৰে ২০ আগষ্টৰ পুৱা ৮. ৩০ বজাৰ পৰা নিশা ৮. ৩০ বজালৈ অনুষ্ঠিত হ’ব ১৬ – ১৮ বছৰ বয়সৰ ল’ৰা আৰু ছোৱালীৰ যোগাসন প্ৰতিযোগিতা, জুনিয়ৰ ল’ৰাৰ আৰ্টিষ্টিক যোগাসন, জুনিয়ৰ ছোৱালীৰ আৰ্টিষ্টিক যোগাসন, জুনিয়ৰ ল’ৰা – ছোৱালীৰ ৰিডমিক যোগাসন প্ৰতিযোগিতা। উক্ত দিনা সন্ধিয়া সাত বজাৰ পৰা অনুষ্ঠিত হ’ব ৰাজ্যিক যোগ সন্হাৰ সাধাৰণ সভা। একেদৰে ২১ আগষ্টত পুৱা ৮.৩০ বজাৰ পৰা জুনিয়ৰ লৰা ছোৱালীৰ আৰ্টিষ্টিক পেয়াৰ যোগাসন, ফ্ৰী ফ্ল যোগা নৃত্য প্ৰতিযোগিতা। বিয়লি বঁটা বিতৰণী অনুষ্ঠিত হ’ব আৰু এই সামৰণি অনুষ্ঠানতে প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থখনো উন্মোচন কৰা হব।