শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী : তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ উদ্যোগত কালি এখন গুৰুত্বপূৰ্ণ তথা ব্যতিক্ৰমী আলোচনা চক্ৰ বালিৰাম লহকৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত আলোচনা চক্ৰত বক্তা হিচাবে অংশ গ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন শৰ্মা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° চন্দন কুমাৰ শৰ্মাই। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে সম্পাদক অনুদেৱী মহন্তই। আলোচনাৰ আৰম্ভণিত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° চন্দন শৰ্মাই কয় যে ইতিহাস সদায় ধ্ৰুব সত্য নহয়। ইতিহাসৰ তথ্য সংগ্ৰহেই বুৰঞ্জী নহয়।সত্য সংগ্ৰহ কৰিলেই বুৰঞ্জী হ’ব নোৱাৰে।ইতিহাসত তথ্য ব্যাখ্যা কৰি চালিজাৰি চাব আৰু কেতিয়াবা বাখ্যাও তথ্য হ’ব পাৰে।বুৰঞ্জী নিৰপেক্ষ হ’ব নোৱাৰে।সকলো তথ্যই বুৰঞ্জী নেকি? ইতিহাসবিদৰ বাবে কোনটো গ্ৰহণযোগ্য চাব লগা হয়।বুৰঞ্জীৰ সকলো সত্য হ’লে কিছু খেলিমেলি হয়।ভাৰতৰ বুৰঞ্জী ১৮৫৭ চিপাহী বিদ্ৰোহ প্ৰথম স্বাধীনতা সংগ্ৰাম আৰু কিছুমানৰ বাবে সামন্তবাদ বিৰোধী সংগ্ৰাম।আৰ্য সভ্যতাত ঘোঁৰাৰ ব্যৱহাৰ আছে।কিন্তু ভাৰতৰ আৰ্য সভ্যতা বা হৰপা সভ্যতাত ঘোঁৰাৰ ব্যৱহাৰ নাই।একেদৰে ৰামসেতুকলৈ এখন চিনেমাও হৈছে।সেতুখন ৰামায়ণ লিখাৰ পিছৰ।মহাভাৰত ব্যাসে লিখিছে।কিন্তু গীতা মহাভাৰত ১২ শতিকাতহে সম্পূৰ্ণ হৈছে।কিংবদন্তীক ইতিহাসবিদে এলাগি কৰে।বহু ইতিহাসৰ বিষয়ত বুৰঞ্জী আৰু ৰাইজৰ মৌখিক বুৰঞ্জী সদায় বেলেগ।মনিৰাম দেৱানৰ প্ৰসঙ্গ তেওঁ উল্লেখ কৰে।ৰজাঘৰীয়া বুৰঞ্জীৰ বিপৰীতে জনসাধাৰণৰ বুৰঞ্জীক বৰ্তমানে গুৰুত্ব দিছে।বাঘ হাজৰিকা সূৰ্য কুমাৰ ভূঞাই লিখিছে।মফিজুদ্দিন হাজৰিকাই তেওঁক কৈছিল বুলিহে লিখিছে।সূৰ্য কুমাৰ ভূঞাই সম্ভৱ বাঘ হাজৰিকাক বিশ্বাস কৰিছিল।এনে তৰ্ক অনাবশ্যক আৰু দুৰ্ভাগ্যজনক বুলি শৰ্মাই কয়।শিৱাজী ১৩ জন সেনাপতি আছিল।ৰাইজক বিভ্ৰান্ত কৰা হৈছে।বাঘ হাজৰিকাৰ উপৰিও বহু মুছলমান সৈন্য আছিল।সকলোৱে অসমৰ সেনাহৈ যুঁজ দিছিল।আমাৰ বৰ্তমানটো দুই ধৰণৰ বুৰঞ্জী লিখা হৈছে।মাক্সচিষ্ট হিষ্ট্ৰ’গ্ৰফীক গুৰুত্ব সকলোৱে দিয়ে।অসমীয়া জাতি নিৰ্মাণৰ দৰ্শন আছিল সূৰ্য কুমাৰ ভূঞাৰ।ফলত সময়ৰ দাবীক তেওঁ মানি লৈছিল।আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই কয় বিষয়টো ব্যাপক। ১৯৪৯ চনত নালিয়াপুলৰ পুৰণি কথা সম্পূৰ্ণ মিছা বুলি বৰ্তমানে প্ৰমাণিত হৈছে।নালিয়াপুলত পুলিছ এছ আই গোবিন্দ দাসক জীয়াই জীয়াই পোতা হৈছিল।ফলত পৰৱৰ্তী পৰিৱেশ সৃষ্টি হয়।ইতিহাসবিদে এটা মতাদৰ্শ প্ৰতিষ্ঠা কৰে তাকে আমি মানি লওঁ।প্ৰত্যেক সময়তে বুৰঞ্জী পুনৰ লেখন হ’ব লাগে।ই কিহৰ ভিত্তিত কৰিব সেয়াই মূল কথা।বুৰঞ্জীৰ দুটা জীৱন থাকে।শৃংখলাবদ্ধ অধ্যয়ন আৰু সৰ্বসাধাৰণ ইতিহাস মূলত নিৰ্দ্ধাৰিত হয় মাছ মিডিয়াৰ দ্বাৰা ।এই ইতিহাস বেছি মানুহে সহজে বুজি পায়।ৰামজনম ভূমি পণ্ডিতে লিখা নাই।ৰাইজৰ বিশ্বাসেহে ইয়াৰ গুৰুত্ব বঢ়াই তোলে।ইতিহাসৰ চেতনা নিয়ন্ত্ৰণ কৰে ৰাইজে।পাঠ্যপুথি প্ৰণয়নত ইতিহাস ধাৰণা চৰকাৰ সলনিৰ লগে লগে সলনি হয়। ভাৰত পাকিস্থানৰ স্বাধীনতাৰ ইতিহাস একে যদিও বুৰঞ্জী সত্য বেলেগ বেলেগ।ফলত নিৰ্মাণ হ’লে সন্দেহ থাকিব বিতৰ্ক থাকিব।১৯৭০ চনতে পাঠ্যপুথি লৈ বিতৰ্ক হৈছে।আৰ চি মজুমদাৰ ইতিহাস তথ্য নিৰ্ভৰ হ’ব লাগে বুলিছে।আন এচামে ৰাষ্ট্ৰৰ স্বাৰ্থ নিৰ্ভৰ হব লাগে বুলিহে ভাৱে।জয়মতী প্ৰসঙ্গত এজন ইংৰাজে প্ৰথম লিখে।জাতীয়তাবাদী ইতিহাস চেতনাৰ স্বাৰ্থত ই মানুহৰ মনত সোমায় স্থায়ীৰূপ লয়।ইতিহাস চৰ্চাত মাক্সবাদী আৰু জাতীয়তাবাদী ধাৰাৰ সংঘাত আৰম্ভ হৈছিল আৰু আজিও এই সংঘাত শেষ হোৱা নাই।জাতীয়বাদী আৰু বামপন্থী দুয়োদলে কিছু তথ্যলৈ নিজৰ মতাদৰ্শৰে ইতিহাস ৰচনা কৰে।এচামৰ মতে ভাৰতৰ ইতিহাস হ’ল হিন্দু -মুছলমানৰ ইতিহাস।বামপন্থীৰ মতে ভাৰতবৰ্ষৰ ইতিহাস শ্ৰেণী সংগ্ৰামৰ ইতিহাস।পাঠ্যপুথি প্ৰনয়ণতে বেছি সমস্যা হয়।আন্দোলন হ’লে বুৰঞ্জী চৰ্চা শক্তিশালী হৈ পৰে।কাৰণ ইতিহাস যাৰ থাকে সেই জাতিয়ে ৰাষ্ট্ৰ গঠন কৰে।জনগোষ্ঠীয় চেতনা বাঢ়িলেও সংঘাত হয়।বাঘ হাজৰিকা নাম ইতিহাসৰ তথ্যত নাই যদিও অসমীয়া মানুহৰ স্মৃতিত আছে, আবেগত আছে। ১৮৫৭ সংগ্ৰামৰ মূলনাৰী ঝালকাৰী বাই নে ঝাঞ্চী ৰাণী লক্ষীবাই এইলৈও বিতৰ্ক আছে।কেতিয়াবা জনচেতনা নিৰ্মাণৰ বাবেও ইতিহাস ৰদ বদল কৰে।আজি লাচিত জাতীয়তাবাদৰ প্ৰতীক হ’ল।নতুন প্ৰজন্মৰ ইতিহাস চৰ্চাই ৰাজনৈতিক এনেবোৰ ইতিহাসৰ বিতৰ্কক গুৰুত্ব নিদি ন ন ইতিহাসৰ বিষয়ত চৰ্চা আৰম্ভ কৰিছে যি সকলো লোকৰে ভবিষ্যৎ মঙ্গল কৰিব । আলোচনাৰ প্ৰশ্নোত্তৰ শিতানত বিশিষ্ট শিক্ষাবিদ ড° ভুৱনেশ্বৰ চহৰীয়া, মিনাক্ষী শৰ্মা , ৰমেশ চন্দ্ৰ কলিতা, ৰবীন্দ্ৰ চন্দ্ৰ শৰ্মা, দিলীপ কুমাৰ বৰুৱা আদিয়ে ভাগ লয়।সভাপতিয়ে এনে ইতিহাসৰ বিতৰ্ক ই নতুন চিন্তাৰ দুবাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.