তেজপুৰত একেঘৰতে তিনিদিনত তিনিবাৰ ছুৰি

0 38
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৬জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী পৰ্বতীয়া,বেছেৰীয়া আদিকে ধৰি বিভিন্ন অঞ্চলত চোৰে উপদ্ৰৱ অব্যাহত ৰখাৰ সময়তে ডেউৰী গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত যোৱা তিনিটা দিনৰ ভিতৰতে তিনিবাৰকৈ চুৰী কাণ্ড সংঘটিত হৈছে।ডেউৰীগাঁৱৰ অজিত কুমাৰ শইকীয়া নামৰ লোকজনৰ বাসগৃহত কোনো নথকাৰ সুযোগলৈ প্ৰথম বাৰ যোৱা ১৪জুলাইত চোৰে শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰে। খিড়িকী ভাঙি ঘৰটোত প্ৰৱেশ কৰা চোৰে পিতলৰ বিভিন্ন সামগ্ৰী লুটি নিয়ে। কালি পুনৰ চোৰে বাসগৃহত প্ৰৱেশ কৰে যদিও এই বিষয়ে চুবুৰীয়াই জানিব পৰাত চোৰে পলায়ন কৰে। উল্লেখযোগ্য যে শইকীয়াৰ পৰিবাৰ কৰ্মস্থলীলৈ যোৱাৰ বাবে বাসগৃহত কোনো নথকাৰ সুযোগ লোৱা চোৰে আজি পুৱাও বাসগৃহৰ চৌহদত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে,দুদিন ধাৰাবাহিক ভাবে চোৰে প্ৰৱেশ কৰাত সতৰ্ক হৈ পৰা শইকীয়াই আজি পুৱা পাৰ্বতীনগৰৰ পৰা উভটি আহি তেওঁৰ বাসগৃহৰ সন্মূখত ভ্ঙা চিঙা সামগ্ৰী কঢ়িওৱা এখন ট্ৰাইচাইকেল দেখা পোৱাত তেওঁ গোপনে চৌহদৰ পিছফালৰ দেৱাল পাৰহৈ প্ৰৱেশ কৰে।সেই সময়ত দুই যুৱকে শইকীয়াৰ গোঁসাইঘৰৰ বিভিন্ন সামগ্ৰীৰ লগতে আন আন সামগ্ৰী গোটাই আছিল যদিও শইকীয়াৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে। কিন্তু চোৰে ট্ৰাইচাইকেলখন এৰি থৈ যায়। ইপিনে,দুপৰীয়া এই ট্ৰাইচাইকেলখনৰ সন্ধানত ডেউৰীগাঁৱত উপস্থিত হয়হি দোলাবাৰীৰ ভঙাচিঙা সামগ্ৰী ক্ৰয় কৰা কেন্দ্ৰৰ দুজন গৰাকী। ইতিমধ্যে এই চুৰিকাণ্ডৰ বিষয়ে কছাৰিগাঁও আৰক্ষীক জনোৱা হৈছিল আৰু দুয়োকে কছাৰি গাঁও আৰক্ষী চকীলৈ নিয়া হয়। ইপিনে, ট্ৰাইচাইকেলখন বিচাৰি অহা লোক দুজনে সেয়া তেওঁলোকে সামগ্ৰী সংগ্ৰহ কৰা দুই কিশোৰক দিয়াৰ কথা প্ৰকাশ কৰি চুৰি কাৰ্যৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে। ইপিনে আৰক্ষীয়ে দোলাবাৰীৰ ভঙা চিঙা সামগ্ৰী ক্ৰয় কেন্দ্ৰৰ গৰাকীক যাবলৈ দিয়ে যদিও ইতিমধ্যেই চিনাক্ত হোৱা দুই কিশোৰ চোৰক কৰায়ত্ত কৰা নাই। উল্লেখযোগ্য যে, শইকীয়াৰ ঘৰত এই পৰ্যন্ত মুঠ আঠবাৰ চুৰি কাণ্ড সংঘটিত হৈছে। ইপিনে তেজপুৰৰ বিভিন্ন স্থানত একাংশ ভঙাচিঙা সামগ্ৰীৰ সন্ধানত ফুৰা কিশোৰ তথা যুৱক চুৰি কাৰ্যৰে জড়িত থকাৰ অভিযোগ উঠি আহিছে। শেহতীয়া ঘটনাৰে এনে দুই কিশোৰ জড়িত থকাটো স্পষ্ট হৈ পৰাৰ পাছত আৰক্ষীয়ে কিছু ভঙাচিঙা সামগ্ৰীৰ ক্ৰয় বিক্ৰয় প্ৰতিষ্ঠান আৰু ইয়াৰে জড়িতসকলৰ ক্ষেত্ৰটো তদন্ত কৰিব লাগে বুলি ৰাইজে মন্তব্য কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More