শতাব্দ প্ৰতিনিধি তেজপুৰ,২১আগষ্ট: তেজপুৰৰ পলফিল্ডত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী এ ডিভিজন ফুটবল লীগত সৰ্বোচ্চ পইন্টৰে লীগৰ খিতাপ দখল কৰিছে অসম ৰাইফলছে৷ আজি বিয়লি তিনিবজাত আৰম্ভ হোৱা লীগৰ অন্তিমখন মেছত অসম ৰাইফলছে লখৰাৰ ৰাইন এফ চিক পৰাভূত কৰি খিতাপ দখল কৰাৰ বিপৰীতে তেজপুৰৰ এন ই স্পৰ্টছ লীগৰ ৰাণাৰ্চআপ হয়৷ আজিৰ অন্তিমখন খেলত পৰাজিত হোৱাত লখৰাৰ ৰাইন’ এফ চি তৃতীয় স্হানতে সন্তুষ্ট থাকিবলগীয়া হয়৷ উল্লেখযোগ্য যে শোণিতপুৰৰ মুঠ আঠ টা দলে অংশ লোৱা এই লীগৰ অন্তিমখন খেলত আজি অসম ৰাইফলছে ৰাইন’ এফ চিক একপক্ষীয় খেলত ৫-০গ’লৰ বৃহৎ ব্যৱধানত পৰাভূত কৰে৷ আজিৰ খেলত অসম ৰাইফলছৰ হৈ সমুজ্জ্বল ৰাভাই দুটা, ৰজাৰ সিং, জন লালৰিণ পুয়া আৰু এছ নাৰ্জীনাৰীয়ে এটাকৈ গল স্কৰ কৰে৷ উল্লেখযোগ্য যে,এসময়ত ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ বাবে বিখ্যাত তেজপুৰত ফুটবলৰ লগতে আন ক্ৰীড়াৰ মানদণ্ড তথা প্ৰতিভাশালী খেলুৱৈ সকলৰ উন্নয়নৰ বাবে তেজপুৰ জিলা ক্ৰীড়া সন্হাই উদ্যোগ লোৱাৰ বিষয়ে প্ৰকাশ কৰি তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ ফুটবল সম্পাদক অশ্বিনী বৰাই প্ৰকাশ কৰে যে এই এ ডিভিজন ফুটবল লীগখন এইদৰেই অনুষ্ঠিত কৰা হৈছে৷এগৰাকী সুদক্ষ খেলুৱৈ প্ৰয়াত ডা° আনন্দ চন্দ্ৰ শৰ্মাৰ পৰিয়ালে সদস্য সকলে এক গঠন কৰা এক ব্যক্তিগত ট্ৰাষ্টৰ জৰিয়তে ডা° আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বঁটাৰো ব্যৱস্থা কৰিছে৷ এই ট্ৰাষ্টৰ জৰিয়তে তেজপুৰ জিলা ক্ৰীড়া সন্হাই প্ৰতিবছৰে এজন বা ততোধিক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত পদকপ্ৰাপ্ত তথা অলিম্পিকৰ আৰ্থিক সহায়ৰ প্ৰয়োজন থকা খেলুৱৈ নিৰ্বাচন কৰি আগবঢ়োৱা হ’ব৷ আজি লীগৰ আৰম্ভণিতে প্ৰথমবাৰলৈ এই বঁটা আৰু নগদ ২৫হেজাৰ টকাকৈ আগবঢ়োৱা হয় ২০২২ৰ যুৱ অলিম্পিকত ৪৮কিলোগ্ৰাম শাখাত বক্সিঙত সোণৰ পদক অৰ্জন কৰা চিত্ৰ ৰাজ লিম্বু আৰু এইখন প্ৰতিযোগিতাতে এশ মিটাৰ আৰু দুশ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰা তথা ২০২০ত ৰাষ্ট্ৰীয় এথেলেটিকচত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ৰিমজিম শইকীয়াক৷ উল্লেখযোগ্য যে এই বঁটা আগবঢ়াই প্ৰয়াত ক্ৰীড়াবিদ ডা° শৰ্মাৰ বৌৱেক তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত বিজয় চন্দ্ৰ শৰ্মাৰ পত্নী গৌৰী দেৱী আৰু পৰিবাৰ তথা দৰং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা মিনু দেৱীয়ে৷ আজি লীগৰ অন্তিমখন খেলৰ আৰম্ভণিতে অসম ৰাইফলছৰ বেণ্ড প্ৰদৰ্শন কৰাৰ লগতে ১৭অসম বেটেলিয়নৰ কমাণ্ডেন্ট কৰ্ণেল নীতিশ সিঙে মুখ্য অতিথি হিচাপে অংশ লৈ জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত কাম কৰি যাব বুলি কোৱাৰ লগতে তেওঁ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰৰ হাতত এক স্মাৰকো প্ৰদান কৰে৷ স্হানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা,শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰ জিলা ক্ৰিকেট সন্হাৰ উপসভাপতি ৰূপ কমল কাকতি,বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰা,গৌতম শৰ্মা,আশা শৰ্মা,অশোক শৰ্মা আদি ট্ৰাষ্টৰ সদস্য সকলৰ উপস্হিতিত অনুষ্ঠিত আজিৰ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় ৰাইন’ এফ চিৰ কৰণ চেত্ৰী৷ আনহাতে অসম ৰাইফলছৰ কে খংচিত লীগৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু অসম ৰাইফলচৰে সমুজ্বল ৰাভা শ্ৰেষ্ঠ স্ক’ৰাৰ নিৰ্বাচিত হয়৷ তদুপৰি আজি তেজপুৰ জিলা ক্ৰীড়া সন্হাই ছিৰাজুল ইছলাম আৰু বিশিষ্ট ফুটবল প্ৰশিক্ষক শান্তনু বসুক সম্বৰ্দ্ধনা জনোৱা হয়৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.