তেজপুৰত কবিতা পুথি উন্মোচন

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৭ মাৰ্চঃ আজি দিনৰ ১১বজাত অনুষ্ঠিত হোৱা এখন সভাত উন্মোচন কৰা হয় যুগে যুগে অৱতাৰ শীৰ্ষক এখন ব্যতিক্ৰমী কবিতা পুথি৷ তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত উন্মোচন কৰা হয়। কবিতাপুথিখন সত্ৰীয়া সংস্কৃতিৰ লগতে লোক সংস্কৃতিৰ সাধক দুৰ্লভ বৰাই ৰচনা কৰিছে৷ মুঠ ৩৫ টা ব্যতিক্ৰমী কবিতা সম্বলিত পুথিখন ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি তথা তেজপুৰ নিবাসী ড° যতীন বৰুৱাই প্ৰকাশ কৰিছে৷ আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবিতাপুথিখন উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° গহণ মহন্তই ৷ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে বালিসত্ৰৰ সত্ৰাধিকাৰিণী পূণ্যদা গোস্বামীৰ লগতে প্ৰবীন নাট্যকৰ্মী অচ্যুৎ শৰ্মা আৰু ভৱেন বৰা৷ উল্লেখ্য যে, যুগে যুগে অৱতাৰ শীৰ্ষক কবিতাপুথিখনৰ ৰচক দুৰ্লভ বৰাই যুৱ অৱস্থাৰ পৰাই কাব্যচৰ্চা কৰি আহিছে যদিও অসুবিধাৱশতঃ পুথিৰ আকাৰত কবিতাসমূহ প্ৰকাশ কৰিবপৰা নাছিল৷ শেহতীয়াকৈ বহুকেইগৰাকী শুভাকাংক্ষীয়ে যোগোৱা উৎসাহৰ ফলশ্ৰুতিত আজি ৩৫ টা কবিতাৰে গ্ৰন্থখন উন্মোচিত কৰিবলৈ সক্ষম হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More