তেজপুৰত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

হোলাৰ বেদখল উচ্ছেদ কৰা হ’ব বুলি ক’লে পৌৰপতিয়ে

0 25
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯মে’: তেজপুৰৰ প্ৰাকৃতিক হোলাসমূহ যিসকল লোকে অবৈধ ভাবে দখল কৰি আছে তথা এনে বেদখলিকৃত অঞ্চলত যি নিৰ্মাণকাৰ্য চলাইছে সেয়া নিশ্চিত ভাবে উচ্ছেদ কৰা হ’ব। আজি তেজপুৰ পৌৰ সভাৰ নৱনিৰ্বাচিত পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে সৌন্দৰ্য নগৰী তেজপুৰক অনাগত পাঁচবছৰৰ ভিতৰত উন্নয়নৰ ক্ষেত্ৰত এক পৰ্যালয়লৈ নিয়াৰ সংকল্পৰে তেজপুৰ পৌৰসভাৰ দায়িত্ব গ্ৰহণ কৰা হৈছে আৰু এনে স্থলত প্ৰাকৃতিক ভাবে যিসমূহ জলাসয়ৰে বৰষুণৰ অতিৰিক্ত পানী নিস্কাসন হয় তেনে স্থান সমূহত অবৈধ ভাবে দখল কৰাৰ প্ৰমাণ অনুসৰি উচ্ছেদ চলাবলৈ পৌৰসভা বদ্ধপৰিকৰ। ভট্টাচাৰ্যই কয় যে, সেয়া লাগিলে কোনো আত্মীয়ই হওঁক নাইবা কোনো দলীয় নেতা কৰ্মীয়েই হওঁক মুঠতে হোলাৰ বেদখল উচ্ছেদ হ’বই। উল্লেখযোগ্য যে,যোৱা সময়চোৱাত তেজপুৰত প্ৰাকৃতিক হোলা সমূহত ব্যাপক বেদখল হৈছে আৰু চকুৰ সন্মুখতে বছৰৰ পাছত বছৰ ধৰি হোৱা এই বেদখলৰ বিৰুদ্ধে কোনো ব্যৱস্থা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে গ্ৰহণ নকৰিলে। তেজপুৰৰ ৰবৰবাগান,মধ্যপাৰা,মহাভৈৰৱ,গাৰোৱানপট্টী,নেপালীপট্টি হৈ থকা বৃহৎ প্ৰাকৃতিক হোলাৰ বৰ্তমান বহু স্থানত চিনমোকাম নোহোৱা হৈ পৰিল।সম্পূৰ্ণ চৰকাৰী ভূমিৰ এই হোলা সমূহৰ কাষত আধাকথা মাটি ক্ৰয় কৰা বহুলোকে পৰৱৰ্তী সময়ত সেই মাটিৰ পৰিমান তিনি চাৰি কথালৈ বৃদ্ধি কৰিলে গোপনে সীমাতে লাগি থকা হোলাৰ অংশ পুতি।ব্ৰহ্মপুত্ৰৰে সংযোগী এনে হোলাৰ অৱস্থা বৰ্তমান তেজপুৰৰ মাধৱ ধামৰ ওচৰত তেনেই শীৰ্ণ হৈ পৰাৰ লগতে কনকলতা অসামৰিক চিকিৎসালয়ৰ কাষৰ বিভিন্ন অংশও বৰ্তমান বেদখলৰ কবলত পৰিছে।আনহাতে হাতীপিলখানাত আহল বহল হোলা পুতি বৰ্তমান এটা নলাত পৰিণত কৰাৰ লগতে কবৰখানাৰ সমীপৰ হোলাৰো অস্তিত্ব বিলুপ্ত হোৱাত এজাক বৰষুণতে তেজপুৰ চহৰ এতিয়া কৃত্ৰিম বানত ডুব যায়। এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি তেজপুৰৰ চকবজাৰ,দৰং মহাবিদ্যালয়ৰ সমীপৱৰ্তী অঞ্চল,চানমাৰী,কেকোৰাপুল আদি তেজপুৰ পৌৰ এলেকাৰ অন্তৰ্গত অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে। তেজপুৰ চহৰৰ মধ্যস্থল চক বজাৰ যোৱানিশা একাঁঠু পানীৰ তলত ডুব যায়। ইয়াৰ উপৰি তেজপুৰৰ মৰাভৰলীপাৰ, ৰঙাপুখুৰী, কেতেকীবাৰী, মিছন চাৰিআলি, গৰৈমাৰী আদি কৃত্ৰিম বানৰ কবলত পৰে।মাজগাঁও অঞ্চলৰো বিভিন্ন স্থান এই কৃত্ৰিম বানৰ কবলত পৰিছে। উল্লেখযোগ্য যে,কৃষিভূমিৰ ব্যাপক মাত্ৰাত বিক্ৰী আৰু পুতি যোৱা ঘটনা তথা তেজপুৰত উন্নয়নৰ নামত ভূমি আইন ধোঁৱাচাঙত তোলা ঘটনা ঘটি আহিছে। একাংশ মাটিৰ দালালৰ প্ৰৰোচনাত কৃষিভূমি ক্ৰয় বিক্ৰয় আুৰু এনে ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে কিছুবছৰ পৰিত্যক্ত ভাবে পেলাই থোৱাৰ পাছত যধেমধে বিভিন্ন নিৰ্মাণ কাৰ্য চলাই যোৱা হৈছে। নিকামূল, ৰঙাপুখুৰী,ডিপোতা আদিত দ’ কৃষি পথাৰৰ মাজতে চলিছে  গৃহ নিৰ্মাণ। কেতেকীবাৰী অঞ্চলৰ লগতে মাজগাঁও, গটঙাকে ধৰি বৃহত্তৰ অঞ্চলৰ হোলা আৰু দ কৃষিপথাৰ বৰ্তমান নোহোৱা হৈ পৰাত বৰ্তমান অতিৰিক্ত পানী ওলাই যোৱাৰ কোনো পথ নোহোৱা হৈ পৰিল। তদুপৰি,পৌৰসভা আৰু নগৰ উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা পকী নলাসমূহৰ অধিকাংশই বিসংগতিপূৰ্ণ তথা দীৰ্ঘদিনৰ পৰাই আৱৰ্জনাত পোত খাইছে। একাধিক অঞ্চলত থকা বজাৰসমূহৰ আৱৰ্জনা আৰু বহুলোকে পেলোৱা প্লাষ্টিক তথা আৱৰ্জনাই পুতি পলোৱা নলাৰে পানী নিস্কাসন নোহোৱাত বৰ্তমান তেজপুৰৰ সৰ্বত্ৰ কৃত্ৰিম বানে ভয়াবহ ৰূপ লোৱাৰ বিপৰীতে আজি তেজপুৰ পৌৰসভাই মহাভৈৰৱ, চকবজাৰ, চানমাৰী আৰু হজৰাপাৰত নলানৰ্দমা পৰিস্কাৰ অভিযানত নামে। কিন্তু জনবসতি বৃদ্ধিৰ লগে লগে হোলা পথাৰ নিঃশেষ হোৱা তেজপুৰৰ পূৰ্বে বহু পৰিমানে পানী নিস্কাসন হোৱা  অঞ্চলসমূহত বৃহৎ নলাৰ ব্যৱস্থা কৰাৰ লগতে হোলাসমূহৰ বেদখল উচ্ছেদ নকৰিলে তেজপুৰত কৃত্ৰিম বানে যে অনাগত দিনত ভয়ংকৰ ৰূপ ল’ব সেইকথা ইতিমধ্যেই স্পষ্ট হৈছে। কৃত্ৰিম বানৰ কবলত পৰা বহু অঞ্চলৰ পানী বৰ্তমানেও আৱদ্ধ হৈ থকাৰ বিপৰীতে মহাভৈৰৱ মন্দিৰৰ সন্মুখৰ একাংশ পৰিয়াল সমগ্ৰ বছৰটোৱেই এনে জঘন্য অৱস্থাত থাকিব লগীয়া হয়। এই অঞ্চলত প্ৰাকৃতিক হোলা আচৰিত ধৰণে বেদখল কৰাৰ পাছত একাংশই মণ্ডল আৰু চক্রবিষয়াক ধনৰ বলৰে মেনেজ কৰি ম্যাদীকৰণ কৰিবলৈও সক্ষম হোৱা বুলি অভিযোগ উঠিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More