তেজপুৰত “কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতা “শীৰ্ষক কৃষক মেলা

0 11

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ২৬ এপ্ৰিল: কৃষক সকল আমাৰ সম্পদ। এই কৃষক সকলক সঠিক বাটে আগুৱাই নিয়াৰ দায়িত্ব আমাৰ আৰু এইসকলক উপযুক্ত এখন বজাৰ দিয়াৰ দায়িত্বও আমাৰ। এই মন্তব্য কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।আজি নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰণালয়ে ২৫ এপ্ৰিলৰ পৰা ৩০এপ্ৰিললৈ কৃষকৰ কল্যানৰ বাবে “কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতা”ৰ অভিযানৰ অধীনত শোণিতপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষক মেলাত অংশ গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে আৰু কয় – বৰ্তমান চৰকাৰে কৃষকৰ আৰ্থিক উন্নয়নৰ লগতে সমস্যা সমূহ সমাধানৰ বাবেও পদক্ষেপৰ গ্ৰহণ কৰা বুলি কয়। উপায়ুক্ত গৰাকীয়ে বৰ্তমান ৰাজ্য চৰকাৰে ভাৰতীয় খাদ্য নিগম আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে কৃষকৰ পৰা উচিত মূল্যত ধান ক্ৰয় কৰাৰ বিষয়ে সদৰি কৰি উপায়ুক্ত গৰাকীয়ে বৰ্তমান চৰকাৰে মাছৰ উৎপাদন বৃদ্ধিৰ বাবে অমৃত সৰোবৰ আচঁনিৰ অধীনত প্ৰতিখন জিলাত এক হেক্টৰ মাটি কালিৰ ৭৫টা সমুহীয়া ফিছাৰী খন্দাৰ প্ৰকল্প গ্ৰহণ কৰাৰ কথা সদৰি কৰে। আনহাতে আজি কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত কৃষক মেলাৰ পিছতেই কৃষক সকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে জ্যেষ্ঠ কৃষি বিজ্ঞানীৰ লগত কৃষকসকলৰ মাজত মত বিনিময় হয়। অনুষ্ঠানত দুগৰাকী মহিলা কৃষকসহ তিনি গৰাকী প্ৰগতিশীল কৃষক ক্ৰমে পুথিমাৰীৰ দীপক দাস, পৰম্পৰাগত খাদ্য উৎপাদন কৰা প্ৰণতি বৰা আৰু মহিলা শক্তি কেন্দ্ৰৰ পপী মাৰাকক নপাম কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা মানপত্ৰ, মেমন্ট আৰু গামোচাৰে সন্মানিত কৰা হয় । শতাধিক কৃষকে অংশ গ্ৰহণ কৰা উদ্বোধনী অনুষ্ঠান আৰু কাৰিকৰী কৰ্মশালাত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডিন অধ্যাপক ডঃৰনেন বৰ্মন, অধ্যাপক নিৰ্মল মজুমদাৰ আৰু অধ্যাপক দিগম্বৰ শৰ্মা, জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ বি বৰ্মন আৰু বসন্ত বৰমুদৈয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে।কৃষি বিজ্ঞান কেন্দ্ৰ ভাৰপ্ৰাপ্ত বিষয়া ড° আৰিফা মমতাজ বেগমে উদ্দেশ্য বাখ্যা কৰা সভাখন কৃষি বিজ্ঞানী ড°নমিতা দত্তই আঁত ধৰে। কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিক ছাত্ৰীসকলে সমবেত গীত পৰিবেশন কৰি সভাৰ সৌষ্ঠব বৃদ্ধি কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৩০এপ্ৰিললৈকে কৃষক মেলাৰ অনুষ্ঠিত হ’ব আৰু এক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে । আনহাতে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে দিল্লীত কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে ভাৰ্ছুৱেলী মুকলি কৰা অনুষ্ঠান উপভোগ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More