তেজপুৰত “কৃষ্ণ অমৃত কথা” ই মুগ্ধ কৰিলে কেবাশ দৰ্শকক

বৃহত্তৰ তেজপুৰত ২২ খনকৈ ৰাস মহোৎসৱ সমিতিৰ কাৰ্য্যসূচী আৰম্ভ

0 39

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ নবেম্বৰঃ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ বাবে আজিৰে পৰা বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে। শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাৰ এনে আয়োজনৰ মাজতে কালি নিশাই তেজপুৰ চহৰৰ “ভূপেন হাজৰিকা কলাভূমি”ত এই ৰাসোৎসৱৰ লগত সংগতি ৰাখি মিলনপুৰৰ সংগীত শিক্ষাৰ অনুষ্ঠান “মাধৱদেৱ কলা নিকেতন” এ নিবেদন কৰা “কৃষ্ণ অমৃত কথা” শীৰ্ষক গীতি নৃত্য নাটিকাই মুগ্ধ কৰিলে ৰাইজক ।আকৰ্ষণীয় দৃশ্য সজ্জা, নানা ৰঙী আলোক সম্পাত আৰু মনোমোহা সুৰ – সংগীতৰ মাজত ভূপেন হাজৰিকা কলাভূমিলৈ হিলদল ভাঙি ওলাই অহা দৰ্শক বুৰ গ’ল ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ মাজত।মাধৱদেৱ কলা নিকেতনৰ অধ্যক্ষ, সংগীত আৰু মুখা শিল্পী ময়ূৰ কাঞ্চন বৰাৰ ৰচনা, পৰিকল্পনা আৰু পৰিচালনাৰে প্ৰায় দুকুৰি “কুশীলৱ” ৰ দ্বাৰা পৰিৱেশিত এই আকৰ্ষণীয় নৃত্য নাটিকাৰ মাজত ৫৫ মিনিট সময় যেন ভক্তি ৰসত বুৰ গৈ থাকিল কেবাশ দৰ্শক।IMG 20221107 WA0061 নন্দ – যশোদা, কংশ – দৈৱকী,বসুদেৱ, ৰাধা, ইন্দ্ৰ, কালীনাগ, গোপ বালক, গোপীৰ মাজত শিশু কৃষ্ণৰ পৰা যৌৱন প্ৰাপ্ত কৃষ্ণলৈকে এক নিখুঁত কাহিনীৰ মাজত নিকিতা কাকতিৰ নৃত্য পৰিচালনাৰে নৃত্য নাটিকাখনৰ আকৰ্ষণীয় নৃত্যই মুগ্ধ কৰিলে দৰ্শকক । আৰম্ভণিতেই কংসৰ ৰাজপ্ৰসাদৰ দৃশ্যাংশৰে ৰাজীৱ মহন্তৰ কংসৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰি তুলিলে দৰ্শকক। আনহাতে কালীনাগৰ সৈতে শ্ৰীকৃষ্ণৰ যুদ্ধৰ দৃশ্যাংশৰ আকৰ্ষণীয় উপস্হাপন আছিল নৃত্য নাটিকাখনৰ অন্যতম আকৰ্ষণ। উল্লেখ্য যে, “কৃষ্ণ অমৃত কথা”ৰ আন চৰিত্ৰসমূহ ৰূপায়ণ কৰা শিল্পী সকল আছিল ক্ৰমে – কালী নাগ গীত কাঞ্চন বৰা, ডাঙৰ কৃষ্ণ নিকিতা কাকতি, সৰু কৃষ্ণ কুহেলিকা পটংগীয়া, দৈৱকী তৃষ্ণা হাজৰিকা, বসুদেৱ মামনি কলিতা, মাজু কৃষ্ণ ৰেইনী ৰাণী বৰুৱা, যশোদা দৰ্শনা বাইলুং, নন্দ নিপন বৰুৱা, ৰাধা নিকিতা শৰ্মা, ইন্দ্ৰ অৰ্চিৎ বিশ্ব কন্দলী আৰু গোপ বালক পাহী দাস, বিস্মিতা কলিতা আৰু বনশ্ৰী নেওগ। গীতত কণ্ঠদান কৰা শিল্পী সকল আছিল ক্ৰমে – প্ৰাঞ্জল শইকীয়া, ৰাজশ্ৰী বৰুৱা, অন্বেষা কাঞ্চন বৰা আৰু শ্ৰীমা বৰুৱা। সংগীত শিল্পী সকল আছিল ক্ৰমে – প্ৰাঞ্জল বৰুৱা, বিশ্ব মহন্ত, মৃদুল নাথ, জ্যোতিকমল কোচ, নয়ন শইকীয়া, তপন শৰ্মা আৰু নিৰ্মল ভূঞা। নৃত্যাংশত আছিল ক্ৰমে – মৌচুমী বৰা কলিতা, চুহানী বৰদলৈ, বনশ্ৰী নেওগ, চুমালী বৰদলৈ, জুপিতৰা কটকী, মৃগাক্ষী শৰ্মা আৰু চয়নিকা শৰ্মা। সেইদৰে দৃশ্য সজ্জাৰ শিল্পী সকল আছিল ক্ৰমে – নিত্যানন্দ কলিতা, নিলেৎপল বৰুৱা, ৰঞ্জিত দাস, দীপ কলিতা, ৰাজু পাটৰ আৰু তপন কোচ। পোহৰৰ শিল্পী সকল আছিল উজ্জ্বল শইকীয়া, পাৰ্থদ্বিপ নাথ, দিগন্ত কুমাৰ ভূঞা আৰু উজ্জ্বল নাথ। শব্দত আছিল ভাইটি। উল্লেখ্য যে, গ্ৰাম্যাঞ্চলৰ শিল্পীৰ পাৰদৰ্শিতা প্ৰতিপন্ন হোৱা নৃত্য নাটিকাখনত ময়ূৰ চৰাই, গোবৰ্ধন পৰ্বতৰ পৰা বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা মুখা আৰু দৃশ্য সজ্জাই ৰুচিশীল দৰ্শকক আকৃষ্ট কৰা পৰিলক্ষিত হয়।শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত নিবেদিত হোৱা নৃত্য নাটিকাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই মাধৱদেৱ কলা নিকেতনৰ এনে প্ৰয়াসৰ শলাগ লৈ তেজপুৰৰ শিল্পী সকলে নিজৰ নিজৰ শিল্প প্ৰতিভা সমূহ আন ঠাইলৈ কঢ়িয়াই লৈ গৈ নিবেদন কৰিব পাৰিলে তেজপুৰীয়া শিল্পীৰ প্ৰতিভাৰ বিষয়ে আন লোক সকলো অৱগত হ’ব পাৰিব বুলি মন্তব্য কৰে। আনহাতে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাসোৎসৱৰ এইবাৰৰ ৮৭ সংখ্যক কাৰ্যসূচী আজি পুৱা ৫ বজাত ঊষা কীৰ্তনেৰে আৰম্ভ হোৱাৰ পিছত গায়ন বায়ন আৰু সত্ৰীয়া শিল্পীৰ উপস্থিতিত পতাকা উত্তোলন কৰে সভাপতি কুলেন শইকীয়াই ।ইয়াৰ পিছতেই গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্য উপদেষ্টা সুনীল শইকীয়াই। আনহাতে তেজপুৰৰ আন এখন ঐতিহ্যমণ্ডিত ডেকাৰ গাঁৱৰ ঊষা নাট্য মন্দিৰ ৰাসোৎসৱ সমিতি, চাৰিদুৱাৰ আঞ্চলিক শংকৰ সংঘ(বৰাচুবুৰীৰ) লগতে বৃহত্তৰ তেজপুৰৰ ২২ খনকৈ ৰাস মহোৎসৱৰ থলীত পুৱাৰ পৰা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More