তেজপুৰত গাঞ্জা সহ তিনি সৰবৰাহকাৰী কৰায়ত্ত

0 6
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুনঃ আজি পুৱা তেজপুৰৰ আমোলাপাম অঞ্চলত আৰক্ষীয়ে চলোৱা অভিযানত ১৭.৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয়। উল্লেখযোগ্য যে, স্থানীয় মহাভৈৰৱ আৰক্ষীয়ে বৰঘাট আৰক্ষীৰ সহযোগত চলোৱা অভিযানত নপাম সংযোগী পথৰ আমোলাপামত আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। শেহতীয়াকৈ তেজপুৰৰ লগতে শোণিতপুৰত ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ইতিমধ্যে বৰঘাট আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযানত ধাৰাবাহিক সফলতা লাভ কৰিছে। তদুপৰি,মহাভৈৰৱ আৰক্ষী চ’কী অন্তৰ্গত অঞ্চলত সম্প্ৰতি একাংশ কিশোৰ আৰু যুৱক এই মাৰাত্মক দ্ৰব্য দুবিধৰ কবলত পৰাক লৈ ৰাইজ উদ্বিগ্ন হৈ পৰাই নহয় তেজপুৰৰ বিভিন্ন স্থানৰ পৰা আহি মৰাভৰলী পাৰৰ গোধৰা ঘাটত এনে দ্ৰব্যৰ আড্ডা পতাকলৈ ক্ষুন্ন স্থানীয় ৰাইজে দুদিন পূৰ্বে দুই ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত কৰি মহাভৈৰৱ আৰক্ষীক গটাই দিয়ে। তদুপৰি আৰক্ষীয়ে ইয়াত সঘনাই তহল দিয়াৰ পাছতো একে ঘটনাৰে পুনৰাবৃত্তি ঘটা বুলি ৰাইজে প্ৰকাশ কৰিছে। আজি বৰঘাট আৰু মহাভৈৰৱ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত গাঞ্জা সৰবৰাহকাৰী  শ’লমৰাৰ আব্দুল জলিল, কোৰোকানিৰ চাহজাহান আলি আৰু আমোলাপামৰ আব্দুল ৰহমানক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত এই লোক কেইজনে যোৱা সময়চোৱাত যথেষ্ট পৰিমানৰ গাঞ্জা  মজুত কৰি  ৰমৰমীয়া বেহা চলাই আহিছিল। ঘটনা সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More