তেজপুৰত চক্ৰ পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন উদ্বোধন উপায়ুক্তৰ

0 17

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ মাৰ্চঃ আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত তেজপুৰ ৰাজহ চক্ৰৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন উদ্বোধন কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।অনুষ্ঠানত ভাষণ প্ৰসঙ্গত উপায়ুক্তগৰাকীয়ে তিনিদিনীয়া জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন আৰু অহা ১৮ মাৰ্চত বান দুৰ্যোগ পৰিস্থিতৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া ম’ক ড্ৰিলৰ ক্ষেত্ৰত উপস্থিত অংশীদাৰসকলক সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াবলৈ আৰু বান দুৰ্যোগৰ সম্ভাৱ্য পৰিস্থিতিত গ্ৰহণ কৰিবলগীয়া সঁহাৰি আৰু প্ৰশমনৰ ক্ষেত্ৰত সকলো ধৰণৰ পৰিস্থিতৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত থাকিবলৈ আহবান জনায় ৷ আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া, পাৰ্থ প্ৰতীম শৰ্মাই তিনিদিনীয়া অনুশীলন সন্দৰ্ভত উপস্থাপন কৰে ৷ আজিৰ সভাত আতিৰিক্ত উপায়ুক্তদ্বয় ৰমী বৰুৱা, ৰাজ বৰুৱা, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াকে ধৰি অন্যান্য অংশীদাৰসকল উপস্থিত থাকে। জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন দাসে পৰিচালনা কৰা এই কাৰ্যসূচীত তেজপুৰ ৰাজহ চক্ৰ বিষয়া পংকজ বৰাই শলাগৰ শৰাই আহবঢ়ায় । উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা ৩ দিনীয়া জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলনৰ অংশ হিচাপে অনুশীলনৰ প্ৰথম দিনাই সমন্বয় আৰু সাহায্য অভিযান/ শিবিৰ পৰিচালনা, প্ৰাথমিক অনুসন্ধান আৰু উদ্ধাৰ অভিযান, বিদ্যালয়ৰ দুৰ্যোগৰ বাবে প্ৰস্তুতি আৰু জৰুৰীকালীন সময়ত খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ বিষয়ে প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে ৷ অসম ৰাজ্যিক দু্ৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় দু্ৰ্যোগ সঁহাৰি বাহিনী আৰু ইউনিচেফে মনোনীত কৰা সমল ব্যক্তিসকলৰ লগতে গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰৰ প্ৰতিনিধিসকলৰ দ্বাৰা এই প্ৰশিক্ষণসমূহ প্ৰদান কৰা হয় ৷ এই কাৰ্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে টেবুল টপ এক্সাৰচাইজৰ লগতে মক ড্ৰিল ছাইট ভ্ৰমণ আৰু শনিবাৰে অনুষ্ঠিত হ’বলগীয়া মক ড্ৰিলৰ প্ৰস্তুতি চলোৱা হ’ব । শনিবাৰ ১৮ মাৰ্চৰ দিনা তেজপুৰ কালিবাৰী চুকত হনুমান মন্দিৰৰ সমীপত বানপানী সন্দৰ্ভত মক ড্ৰিল অনুষ্ঠিত কৰা হ’ব আৰু এই অনুশীলন চলোৱাৰ বাবে কলিবাৰীৰ লুথাৰিয়ান হাইস্কুলত এক সাহায্য শিবিৰও স্থাপন কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More