তেজপুৰত ডাম্পাৰৰ মুখামুখি সংৰ্ঘষত দুজন নিহত, দুজন আহত

0 71

শতাব্দ প্ৰতিনিধি,তেজপুৰ ২৮ নৱেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত অঞ্চলত ডাম্পাৰৰ নিয়ন্ত্ৰণহীন চলাচলত ইতিমধ্যেই দুজনৰ প্ৰাণ হানি হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি পুৱাই দুখন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুইখন ডাম্পাৰৰ চালক দুজন নিহত হোৱাৰ লগতে আন দুজন সহায়কাৰী গুৰুতৰ ভাবে আহত হয়৷আজি পুৱা প্ৰায় ছয় বজাত বৰঘাট চেন্টাৰৰ দিশৰ পৰা আহি থকা আৰু নপামৰ দিশৰ পৰা গৈ থকা এ.এছ ০৮ চি ১৩৩২ আৰু এ.এছ ১২ এ.চি ৯১৫৬ নম্বৰৰ ডাম্পাৰ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় বৰঘাটৰ সমীপত৷ইয়াৰ ফলত দুইখন ডাম্পাৰ পথৰ কাষত বাগৰি পৰে আৰু এখনৰ চালকজন কেবিনতে নিহত হোৱাৰ বিপৰীতে আনজন চালকক তেওঁ চলোৱা ডাম্পাৰৰ পিছৰ অংশই চেপামাৰি ধৰে৷তেওঁৰো ঘটনাস্থলীতে মৃত্যু ঘটে৷নিহত দুজন হল ইক্ৰামূল হুছেইন(২৪)আৰু ৰমী ৱানু(২৩)৷ইয়াৰে ভিতৰত ইক্ৰামূলৰ ঘৰ তেজপুৰ চটাই চাপৰিত আৰু ৰমীৰ ঘৰ ডিমাও হাচাওৰ লিংটিঙত৷আনহাতে আন দুজন আহত বৰ্তমান চিকিৎসাধীন হৈ আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More