তেজপুৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই যুৱক

0 7
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৯জুন: শোণিতপুৰৰ চাৰিদুৱাৰ থানা আৰু তেজপুৰৰ বিশেষকৈ বৰঘাট আৰক্ষী চ’কী অন্তৰ্গত বিভিন্ন অঞ্চলত ভালেসংখ্যক ড্ৰাগছ সৰবৰাহকাৰী শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে য’দিও এইপৰ্যন্ত প্ৰজন্ম ধ্বংসকাৰী ড্ৰাগছ সৰবৰাহৰ মূল উৎস তথা ঘাটি উৎখাত নোহোৱাত নতুন নতুন সৰবৰাহকাৰীৰ আৱিৰ্ভাৱ ঘটি আছে। কালি নিশা প্ৰায় ৮-৩০বজাত তেজপুৰৰ চানমাৰী অঞ্চলত  চাৰিদুৱাৰ আৰক্ষীয়ে অনুসৰণ কৰি আহি ওদালগুৰিৰ বিজয় ডেকা আৰু ঢেকিয়াজুলিৰ চিতলমাৰী অঞ্চলৰ সুৰজ বহৰা ছেত্ৰী নামৰ দুজন যুৱকক ১০টা ব্ৰাউন চুগাৰ ভৰ্ত্তি প্লাষ্টিকৰ পাত্ৰ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,কালি এএছ১২ভি৫০৮৮নম্বৰৰ বেলেন’ বাহনখনত দুই যুৱক বালিপৰাৰ নিকটৱৰ্তী খনামুখৰ পৰা আহি থকা অৱস্থাত আগতীয়াকৈ লাভ কৰা খবৰৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষীৰ এটা দলে যুৱক দুজনক ৰখোৱাৰ চেষ্টা কৰে য’দিও তেওঁলোকে আৰক্ষীৰ বাধা নামানি তীব্ৰ বেগত পলায়ন কৰে। কিন্তু চাৰিদুৱাৰ আৰক্ষীয়ে  অনুসৰণ কৰি দুয়োকে তেজপুৰৰ চানমাৰী অঞ্চলত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,দুয়োৰে পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্ত্তি ১০টা পাত্ৰ উদ্ধাৰ কৰে। ইপিনে, এই ঘটনাৰ পাছতে ধৃত যুৱকদ্বয়ক মুকলি কৰি নিয়াৰ বাবে চিতলমাৰীৰ এটা চক্ৰ তৎপৰ হৈ উঠা বুলি অভিযোগ কৰিছে। এই ঘটনা অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বাবে এক ভাবুকি বুলি উল্লেখ কৰি চিতলমাৰীৰ একাংশ লোকে আজি কয় যে  এই মাৰাত্মক নিচাযুক্ত দ্ৰব্য বিধৰ কৱলত স্থানীয় আৰু যুৱক যাতে নপৰে তাৰবাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আইনগত ভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে এনে লোকসকলে সহজে জামিন লাভ কৰিব নোৱাৰে। তদুপৰি শেহতীয়াকৈ শোণিতপুৰত সঘনাই ড্ৰাগছ উদ্ধাৰ হোৱাৰ লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈ থকা সত্বেও ড্ৰাগছ সৰবৰাহৰ উৎস উৎখাত নোহোৱাত বহুসংখ্যক লোকে আশ্বৰ্য প্ৰকাশ কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More