তেজপুৰত তিনি সাংবাদিকক সন্মান

হিউমেন ৰাইটচ ইন্টাৰনেশ্বনেলৰ সভা

0 27

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২মে’: হিউমেন ৰাইটচ ইনটাৰনেশ্বনেল ফেডেৰেশ্বনৰ ৰাষ্ট্ৰীয় মুখ্য সঞ্চালক ড° বৰ্ণালী শৰ্মা বৰুৱাৰ অধ্যক্ষতাত কালি বিয়লি তেজপুৰত মানৱ অধীকাৰ আৰু সংবাদ মাধ্যম শীৰ্ষক এখন সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে, তিনি মে’ত উদযাপিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰে সংগতি ৰাখি কালি বিয়লি পাঁচ বজাত স্থানীয় শিক্ষক ভৱনত অনুষ্ঠিত হোৱা সভাখনত তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত থাকি সামাজিক আৰু বহুসংখ্যক লোকৰ উন্নয়ণত অৰিহণা যোগোৱা বহুকেইগৰাকী লোক উপস্থিত থাকে।মানৱ অধিকাৰ সংস্থাটোৰ এগৰাকী সক্ৰিয় সদস্য শিক্ষক হিৰণ্য নাথে আঁত ধৰা সভাখনত ড° শৰ্মা বৰুৱাই কয় যে মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ যথেষ্ট কৰণীয় আছে।তেওঁ যোৱা দীঘলীয়া সময়চোৱাত ৰাজ্যৰ সংবাদ মাধ্যমে এইক্ষেত্ৰত যথেষ্ট কাম কৰিছে বুলি উল্লেখ কৰি লগতে কয় যে মানৱ অধিকাৰৰ বিষয়ে বহু কমসংখ্যক লোকৰহে ধাৰণা আছে আৰু সেয়ে এইক্ষেত্ৰত মানুহক সজাগ কৰাৰো প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, এই দিশত সংবাদ মাধ্যমে সৱল ভূমিকা গ্ৰহণ কৰিব পাৰে বুলিও তেওঁ কয়।ড° শৰ্মা বৰুৱাই শিশুৰ পৰা বৃদ্ধলৈকে মানৱ অধিকাৰ খৰ্ব হোৱাৰ বিষয়ে প্ৰকাশ কৰি আৰু কয় যে বৰ্তমান হোৱা অতিপাত মূল্যবৃদ্ধিও মানৱ অধিকাৰ উলংঘনৰে এক বিষয়।তেওঁ লগতে কয় যে, সম্প্ৰতি সৰ্বসাধাৰণৰ মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে সংবাদ মাধ্যম যেনেদৰে সৰৱ আৰু তৎপৰ হ’ব লাগিছিল সেয়া হোৱা নাই। তেওঁ লগতে কয় যে, সমাজৰ আৰু সাধাৰণ লোকৰ ক্ষতি সাধন কৰা লোকৰ মানৱ অধিকাৰৰ বিষয়ে সৰৱ হোৱাতকৈ সাধাৰণ লোক আৰু সমাজৰ উপকাৰ হ’ব পৰা লোকৰ মানৱ অধিকাৰক হে অধিক গুৰুত্ব দিয়া উচিত। তেওঁ লগতে কয় যে বহু অপৰাধীয়ে প্ৰকৃততে তেওঁলোকৰ অপকৰ্মৰ জৰিয়তেই নিজা মানৱঅধিকাৰ নিজেই খৰ্ব কৰে।এই বিশেষ অনুষ্ঠানতে তেজপুৰৰ তিনি সাংবাদিক মনোজ কুমাৰ শইকীয়া, সমীৰ কৰ আৰু অৰূপ কলিতাক সন্মানিত কৰা হয়। ১৯৯০ দশকৰ পৰাই ফটো সাংবাদিকতাৰ সতে জড়িত থকা সাংবাদিক সমীৰ কৰে তেওঁৰ চমু বক্তব্যত সেই সময়ৰ জটিল পৰিস্থিতিত সাংবাদিকতা কৰা বহু প্ৰত্যাহ্বানজনক আছিল বুলি উল্লেখ কৰি লগতে তেওঁৰ সেই সময়ত হোৱা একাধিক অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে।তেওঁ লগতে কয় যে, এতিয়াও বহু মফচলীয় সংবাদকৰ্মীয়ে সততাৰে কাম কৰি আছে আৰু নিজৰ পেছাৰ বিষয়ে সন্মান থকা সকল সহজে কক্ষচ্যুত নহয় আৰু তেওঁলোকে কাৰোৰে প্ৰশংসা নিবিচাৰে।সাংবাদিক কলিতাই ৰাজ্যত মানৱ অধিকাৰ সুৰক্ষাৰ বাবে প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসকে ধৰি একাংশ লোকৰ প্ৰচেষ্টাত আৰম্ভ হোৱা সংগ্ৰামৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে উন্নয়নশীল আৰু পিছপৰা দেশ সমূহত সাধাৰণ লোকৰ মানৱ অধিকাৰ বিভিন্ন ৰূপত আৰু সকলো ক্ষেত্ৰতে খৰ্ব হৈ থাকে।তেওঁ এইক্ষেত্ৰত সকলো নিজেই সচেতন নহ’লে নহ’ব বুলিও কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More