তেজপুৰত দুই কিশোৰীৰ সলিল সমাধি

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ এপ্ৰিল : তেজপুৰত আজি সংঘটিত এক শোকাৱহ ঘটনাত দুই কিশোৰী নিহত হৈছে৷তেজপুৰৰ শ’লমৰাৰ আঁহতগুৰি বালিটিকাত নিজ ঘৰৰ পুখুৰীত গা ধোৱা অৱস্হাত পুখুৰীটোত ডুব যায় ১৬ বছৰীয়া মৰ্জিনা বেগম আৰু ১১ বছৰীয়া মঞ্জিলা বেগম৷এই ঘটনাত অঞ্চলটোত হুৱাদুৱা লাগে আৰু দুই কিশোৰীক স্হানীয় লোকে উদ্ধাৰৰ চেষ্টা চলাই য’দিও যথেষ্ট পলম হয়৷ ইতিমধ্যে দুই কিশোৰীৰ মৃত্যু ঘটে৷ পাছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালৈ লৈ অনা হয়৷ঘটনা সন্দৰ্ভত নিহত কিশোৰী দ্বয়ৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আজি দিনৰ প্ৰায় ১২ বজাত দুই কিশোৰীয়ে গা ধুবলৈ বুলি পুখুৰীৰ নামি গা ধুই থকা অৱস্থাতে পানীত ডুব যায় । বহু সময়ধৰি ঘৰত নেদেখি বিচাৰ খোচাৰ কৰাতহে দুয়ো ডুব যোৱা কথাটো পোহৰলৈ আহে আৰু অৱশেষত ঘৰৰ কাষৰ পুখুৰীটোৰ পৰা দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More