তেজপুৰত দেহদান কৰি নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালে দেখুৱালে আদৰ্শ

বাণীকান্ত শৰ্মাৰ নশ্বৰ দেহ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ক প্ৰদান

0 20

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ মে’: “মৃত্যুটো এক শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য” – হীৰুদাৰ এই কবিতা পংক্তিৰ সাৰ্থকতা প্ৰতিপন্ন কৰি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা তেজপুৰৰ সৰবৰহী, অতি সৎ আৰু নিকা ভাৱমূৰ্তিৰ বাণীকান্ত শৰ্মাৰ পৰিয়ালবৰ্গই পিতৃৰ চিন্তাক সাকাৰ ৰূপ দি সমাজৰ বাবে দেখুৱালে এক দৃষ্টান্ত। উল্লেখ্য, তেজপুৰ দা ধৰা বামুণ চুবুৰি নিবাসী অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাণীকান্ত শৰ্মাৰ ৭৯ বছৰ বয়সত নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটাত দেশ আৰু সমাজৰ বাবে ৰাখি গ’ল এক দৃষ্টান্ত। মানুহ আৰু সমাজ ভাল পোৱা আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সকলো ক্ষেত্ৰতে অগ্ৰসৰ হোৱা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গৰাকীয়ে নিজৰ মৃত্যু হ’লে তেঁওৰ শৰীৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী সকলৰ উপকাৰ হোৱাকৈ দান দিবলৈ পৰিয়ালৰ লোকক অৱগত কৰিছিল। সেই সূত্ৰেই আজি পুৱা ৬ বাজি ১৫ মিনিটত পৰলোকপ্ৰাপ্তি ঘটাৰ পিছতেই তেজপুৰ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী কিৰণ শৰ্মা বৰুৱা, বাংগালুৰুৰত কৰ্মৰত পুত্ৰ আলোক দীপ্ত শৰ্মা বৰুৱা, বোৱাৰী প্ৰণামী শৰ্মা আৰু কৰ্মসূত্ৰে আমেৰিকাত থকা কন্যা মিলি শৰ্মা বৰুৱাই ততাতৈয়াকৈ পিতৃৰ ইচ্ছা পূৰণ কৰাৰ ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰে। এই তৎপৰতাৰ অংশ হিচাপে স্থানীয় শিক্ষয়িত্ৰী বিউতি শৰ্মা বেজবৰুৱাই ইলোৰা বিজ্ঞান মঞ্চৰ লগত যোগাযোগ কৰাৰ পিছত ইলোৰা বিজ্ঞান মঞ্চৰ মলয় নাথৰ জৰিয়তে ৰাইজ আৰু পৰিয়ালৰ লোকে মাত্ৰ চাৰি ঘন্টাৰ ভিতৰতে এই কাৰ্য সমাধা কৰে। এখন এম্বুলেঞ্চৰ জৰিয়তে বাণীকান্ত শৰ্মাৰ নশ্বৰ দেহ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ পিছত চিকিৎসা মহাবিদ্যালয়খনৰ এনাটমী অৰ্থাৎ শৰীৰ তত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ ৰূপশেখৰ ডেকাৰ হৈ বিভাগটোৰ সহকাৰী অধ্যাপক ডাঃ মালৱিকা দেৱীয়ে অনান্য চিকিৎসা কৰ্মীৰ জৰিয়তে দেহটো চমজি লৈ ধূপ প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ এনে বদান্যতাৰ শলাগ লোৱাৰ লগতে পিতৃৰ ইচ্ছা পূৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। উল্লেখ্য যে, পৰিয়ালৰ মুৰব্বী গৰাকীৰ মৃত্যুৰ পিছত সম্পূৰ্ণ নৈষ্ঠিক নীতি নিয়ম, আচাৰ, ৰীতিৰে বৈদিক কৰ্ম সম্পাদন কৰা প্ৰথাৰ বিপৰীতে নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ হৈও বিজ্ঞান মনস্কতাৰ পৰিচয়ৰে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী সকলৰ সুবিধাৰ বাবে এনে বদান্যতাৰ পৰিচয় দিয়াত স্বাভাৱিকতে সমাজখনলৈ এই খবৰে এক আশাৰ বতৰা কঢ়িয়াই আনিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More