তেজপুৰত “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” কেন্দ্ৰৰ শুভাৰম্ভ

বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীৰ বিশেষ উদ্যোগ

0 31

সজাগতাৰ অভাবৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে – মৃন্ময়ী বৰুৱা, সচিব, দ্বীপশিখা

এই কেন্দ্ৰই শোণিতপুৰৰ লগতে উত্তৰ পাৰ আৰু অৰুণাচলৰ কৰ্কটৰোগীকো উপকৃত কৰিব – দেৱ কুমাৰ মিশ্ৰ, উপায়ুক্ত

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৩ অক্টোবৰঃ তেজপুৰত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ উদ্যোগত অচিৰেই মুকলি হ’ব “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” ৰ এটি কেন্দ্ৰ। উল্লেখ্য যে, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সভানেত্ৰী তথা বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীৰ বিশেষ তৎপৰতাত অচিৰেই শুভাৰম্ভ হ’ব লগা এই কেন্দ্ৰটো গঢ়ি উঠাৰ প্ৰাকমুহূৰ্তত আজি “দ্বীপশিখা” ৰ প্ৰতিনিধিৰ উপস্থিতিত তেজপুৰ চায়েন্স একাডেমীৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। তেজপুৰৰ বিদ্বৎ সমাজৰ উপস্থিতিত সভানেত্ৰী ডাঃ লক্ষ্মী গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ এই বিশেষ সভাখনত উপস্থিত থাকি “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন”ৰ সচিব মৃন্ময়ী বৰুৱাই উত্তৰ পাৰৰ ৰাইজৰ সুবিধা হ’ব পৰাকৈ শিশু কল্যাণ পৰিষদে গ্ৰহণ কৰা এই ভূমিকাক প্ৰশংসা কৰি ভাষণত কয় -উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ ওপৰত বিশেষ সজাগতাৰ অভাবৰ বাবেই দ্ৰুত গতিত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।IMG 20221023 WA0076 প্ৰাথমিক অৱস্থাত এই ৰোগৰ সন্দৰ্ভত সঠিক ধাৰণা থাকিলে বা এই ৰোগৰ কাৰক সমূহৰ ওপৰত সঠিক ধাৰণা থাকিলে এই কৰ্কট ৰোগৰ প্ৰাদূৰ্ভাৱৰ পৰা সকাহ পাব পাৰি। ২০০৪ চনত প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাৰ তৎপৰতাত মুম্বাইত অসমৰ আৰ্থিক ভাবে অক্ষম ৰোগী সকলৰ কল্যাণৰ বাবে গঢ় লৈ উঠা “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন”ৰ জড়িয়তে বৰ্তমানলৈকে বহু ৰোগীয়ে আৰ্থিক সকাহৰ সমান্তৰাল ভাবে চিকিৎসাজনিত আৰু মানসিক সকাহ লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি এই যাত্ৰাত প্ৰত্যাহ্বানৰো সন্মুখীন হ’ব লগা হয় বুলি মন্তব্য কৰি এই তেজপুৰ কেন্দ্ৰক গতিশীলতা প্ৰদান কৰিবলৈ ৰাইজৰ সৰ্বাত্মক সহযোগিতা কামনা কৰে। আনহাতে দ্বীপশিখাৰ আজীৱন সদস্য গুণগোবিন্দ দাস আৰু জয়ন্ত গোস্বামীৰ লগতে তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ ডঃ ভুবনেশ্বৰ চহৰীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ মানবেন্দ্ৰ ভূঞা, পূৰ্ণেশ্বৰ নাথ আদিয়েও ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত ২০০৮ চনৰ পৰাই “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” ৰ সৈতে জড়িত হৈ অহা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ এই প্ৰয়াসক কৃতজ্ঞতা জ্ঞাপন কৰি তেজপুৰৰ এই কেন্দ্ৰৰ দ্বাৰা অকল তেজপুৰ, শোণিতপুৰৰ ৰোগীয়েই নহয় উত্তৰ পাৰ আৰু অৰুণাচল প্ৰদেশৰ ৰোগীও উপকৃত হ’ব বুলি কৈ এই কেন্দ্ৰটোৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। পৰিষদৰ তেজপুৰ শাখাৰ সম্পাদিকা মৃণালিনী বৰাই আঁত ধৰা অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা ডাঃ লক্ষ্মী গোস্বামীয়ে ১৯৮৪ চনৰ পৰা নিজে কৰ্কট ৰোগত আক্ৰান্ত হৈ তিনিবাৰকৈ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত এতিয়া সম্পূৰ্ণ সুস্থ বুলি সাংবাদিকৰ আগত মন্তব্য কৰি সজাগতা আৰু সময়মতে উপায়ুক্ত চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’লে এই ৰোগৰ পৰাও মুক্তি পাব পাৰি বুলি মন্তব্য কৰে। বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে তেজপুৰৰ এই কেন্দ্ৰটো জীয়াই ৰাখিবলৈ সকলো শ্ৰেণী ৰাইজৰ আৰ্থিক, শাৰীৰিক, মানসিক সহযোগিতা কামনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More