তেজপুৰত নীলমণি ফুকনৰ কবিতাৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব

বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত "নীলমণি ফুকনৰ কবিতাৰ ভাষা" শীৰ্ষক মনোজ্ঞ বক্তৃতা সম্পন্ন

0 57

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৪ জানুৱাৰী :IMG 20230124 WA0065 “সূৰ্য্য হেনো নামি আহে এই নদীয়েদি, ক’লৈ যাৱ হেৰ’ উন্মাদিনী, ওলমি থকা গোলাপী জামুৰ লগ্ন, কেনে আছোঁ মোক নুসুধিবা, মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি, ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত – আদি কাব্য ঋষি নীলমণি ফুকনৰ যুগজয়ী কবিতা পাঠ, আবৃত্তি, নীলমণি ফুকনৰ ওপৰত ৰচিত কবিতা পাঠৰ লগতে “নীলমণি ফুকনৰ কবিতাৰ ভাষা” শীৰ্ষক বিষয়ৰ মননশীল বক্তৃতা আৰু নীলমণি ফুকনৰ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলিৰে আজি বিয়লিৰ পৰা সন্ধিয়ালৈকে বিশেষ কাব্যিক অনুভূতিৰে সিক্ত হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ প্ৰেক্ষাগৃহ। উল্লেখ্য যে, যোৱা ১৯ জানুৱাৰীত কায়িক ভাবে আমাৰ মাজৰ পৰা আঁতৰি যোৱা জ্ঞানপীঠ বঁটা প্ৰাপক নমস্য কবি নীলমণি ফুকনৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণৰ উদ্দেশ্যে অসমীয়া ক্লাবে আজি আয়োজন কৰে এক বিশেষ অনুষ্ঠানৰ। অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীৰ পৌৰোহিত্যত সম্পাদক অনু দেৱী মহন্তই আঁত ধৰা অনুষ্ঠানটিত ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ হৰিপ্ৰসাদ বৰুৱাই “নীলমণি ফুকনৰ কবিতাৰ ভাষা” শীৰ্ষক বিষয়ত মনোজ্ঞ বক্তৃতা প্ৰদান কৰি অসমীয়া ভাষাৰ যি মনোৰম কালিকা সেয়া নীলমণি ফুকনৰ কবিতাত প্ৰকাশ ঘটিছিল বুলি মন্তব্য কৰি তেওঁৰ কবিতাত জীৱন আৰু জগত সম্পৰ্কে গভীৰ উপলব্ধি প্ৰকাশ পাইছে বুলি কয়। বোধ, বুদ্ধি আৰু বুদ্ধিনিষ্ঠ মননশীলতাই নীলমনি ফুকনৰ কবিতাক মৰ্মস্পৰ্শী আৰু ঐশ্বৰ্য্যশালী কৰিছে বুলি মন্তব্য কৰি প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সফল প্ৰয়োগ ঘটা তেওঁৰ কবিতাই সততে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে বুলিও কয়। নীলমণি ফুকনৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা জনাই আৰম্ভ কৰা কাব্যিক অনুভূতিৰে সিক্ত অনুষ্ঠানটিত নিৰ্দিষ্ট বিষয়ৰ ওপৰত ড০ বৰুৱাই আৰু কয় – নীলমণি ফুকনৰ কবিতা আত্মসচেতন কবিৰ অনুশীলনৰ ফল। ভাষাৰ ঘন সন্নিবদ্ধ প্ৰয়োগৰ দ্বাৰা কবিতাৰ আংগিক নিৰ্মাণত কবিয়ে নিৰন্তৰ প্ৰয়াস কৰি গৈছে। তেওঁৰ কবিতাৰ ভাষাই আভিধানিক অৰ্থতকৈ ইংগিতৰ সংকেত দিয়ে, পাঠকৰ চকুৰ আগত চিত্ৰৰ প্ৰকাশ ঘটায়। অসমীয়া ভাষাৰ কথ্যৰূপ আৰু কালিকাৰে সমৃদ্ধ নীলমণি ফুকনৰ কবিতাৰ ভাষাত বাহুল্য নাই, আছে বাক সংযমেৰে গঢ়া ব্যঞ্জনা বুলিও কয়। ইয়াৰ আগেয়ে অসমীয়া ক্লাবৰ উপসভাপতি হেমন্ত লহকৰে নিজৰ অধ্যাপক ভিনিহিয়েকৰ সৈতে নীলমণি ফুকনৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি তেওঁ এগৰাকী কবিৰ উপৰি শিল্প কলা ক্ষেত্ৰখনৰ গৱেষক – লেখক আছিল বুলি মন্তব্য কৰি চিত্ৰশিল্প আৰু ভাস্কৰ্য শিল্পৰ প্ৰসংগত তেওঁ ৰচনা কৰা বহু লেখাৰ উদাহৰণ দাঙি ধৰে। আনহাতে আজিৰ এই অনুষ্ঠানটিত তেজপুৰ কবি চক্ৰৰ সভানেত্ৰী, কবি, লেখিকা ড০ বীণাপাণি মহন্তই কবি গৰাকীৰ বিখ্যাত কবিতা “ওলমি থকা গোলাপী জামুৰ লগ্ন পাঠ কৰাৰ লগতে কবি মৃদুল কুমাৰ চহৰীয়াই” কেনে আছোঁ মোক নুসুধিবা “শীৰ্ষক কবিতা, শিৱানী থাপাই” ক’লৈ যাৱ হেৰ’ উন্মাদিনী শীৰ্ষক কবিতা, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই “মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি,” ৰাণু হাজৰিকা আৰু মিতালী গোস্বামীয়ে” ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত “শীৰ্ষক কবিতাৰ লগতে কল্পনা বৰুৱাইও কবিতা আবৃত্তি কৰাৰ উপৰি শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই তেওঁৰ পৰলোকপ্ৰাপ্তিৰ দিনটোত ৰচনা কৰা দুটি কবিতা পাঠ কৰে। আনহাতে ইয়াৰ আগেয়ে পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট অভিনেতা অৰুণ নাথ, অভিনেত্ৰী কৃষ্ণা দাস নাথ, অসমীয়া ক্লাবৰ উপসভাপতি হেমন্ত লহকৰ, পংকজ বৰা, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More