তেজপুৰত নৱগঠিত পৌৰসভাৰ তৎপৰতা :উচ্ছেদ অভিযান

0 4

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ এপ্ৰিল :  পথৰ দাঁতিত তথা পদপথত অব্যাহত থকা বেদখলৰ বিৰুদ্ধে আজি তেজপুৰ পৌৰসভা আৰু সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰিলে উচ্ছেদ অভিযান । উল্লেখযোগ্য যে, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা পথৰ দুয়োকাষে অনুমতিবিহীন ভাবে থকা দোকানসমূহ উচ্ছেদ কৰা হয় । তদুপৰি, পথৰ দাঁতিত অবৈধ ভাবে যান বাহন ৰখা স্থান সমূহো মুক্ত কৰিছে । বিগত সময়ত এনে বিশৃংখল কাৰ্যকলাপৰ বাবে চহৰখনত যানজঁটৰ সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে বহু ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ সামগ্ৰী পদপথত ৰখাৰো ব্যৱস্থা কৰি লৈছিল । ফলত পদপথৰ বহু অংশৰে সৰ্বসাধাৰণে যাতায়াত কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছিল । এনে সমস্যা সমূহৰ সমাধানৰ বাবেই সম্প্ৰতি এই উচ্ছেদ অভিযান চলোৱা বুলি প্ৰকাশ কৰিছে পৌৰসভা কৰ্তৃপক্ষই । যোৱা দুদিন ধৰি ৰাজহুৱা ঘোষণা কৰি পদপথৰ দোকান সমূহ উঠাবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল আৰু তাৰ পিছত আজিৰে পৰা এই অভিযান আৰম্ভ কৰা হয় । তেজপুৰ পৌৰসভাৰ অন্তৰ্গত বজাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ পৰা ৰাজহ সংগ্ৰহৰ বাবে নিবিদাৰ ভিত্তিত আৱন্টন লাভ কৰাসকলে পদপথৰ লগতে বিভিন্ন স্থানত উপৰুৱাকৈ আৰু অবৈধভাবে স্থাপন হোৱা দোকান তথা যানবাহনৰ অবৈধ স্থান সমূহৰ পৰাও নিয়মীয়াকৈ ধন সংগ্ৰহ কৰি দৈনিক বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে । আজি তেজপুৰ মুখ্য ডাকঘৰৰ পৰা মাধৱধাম হৈ চক বজাৰলৈকে চলা উচ্ছেদ অভিযানত ৪০ খনৰ অধিক দোকান পদপথৰ পৰা উচ্ছেদ কৰা হয় । ইপিনে তেজপুৰ চহৰৰ মাজত সম্প্ৰতি মুকলি হোৱা অধিকাংশ শ্বপিং মল আৰু পৌৰসভা এলেকাৰ বিবাহভৱন সমূহত যান বাহনৰ ৰখাৰ কোনো আছুতীয়া ব্যৱস্থা নাই । একেদৰে অধিকাংশ বিবাহ ভৱনৰ জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিবলৈ জৰুৰীকালীন দুৱাৰ আৰু জাবৰজোথৰ নিষ্কাষণৰো কোনো পৃথক ব্যৱস্থা নাই । এই ক্ষেত্ৰতো ৰাইজে নৱগঠিত পৌৰসভাখনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More